অসম

assam

ETV Bharat / state

খোদ স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে ক’ভিড টীকাকৰণৰ নামত বেমেজালি - irregularity over covid vaccination news

খোদ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰতে সংঘটিত হৈছে ক’ভিড টীকাকৰণৰ নামত বেমেজালি ৷ টীকাকৰণ(covid vaccination)ৰ বাবে যোৱা লোকৰ পৰা মাচুল সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে এগৰাকী আশাকৰ্মীৰ বিৰুদ্ধে ৷

irregularity over covid vaccination in  health minsister Keshav Mahantas home constituency
খোদ স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে ক’ভিড টীকাকৰণৰ নামত বেমেজালি

By

Published : Aug 7, 2021, 10:31 PM IST

কলিয়াবৰ, 7 আগষ্ট : খোদ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(health minsister Keshav Mahanta)ৰ গৃহ সমষ্টিতে এইবাৰ সংঘটিত হৈছে ক'ভিড টীকাকৰণৰ বেমেজালি ৷ এগাৰাকী আশা(ASHA)কৰ্মীৰ বিৰুদ্ধে উত্থাপিত হৈছে বেমেজালি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ ৷ ক’ভিড টীকাকৰণ(covid vaccination)ৰ বাবে যোৱা লোকৰ পৰা মাচুল সংগ্ৰহ কৰাৰো অভিযোগ উত্থাপিত হৈছে বিতৰ্কিত আশাকৰ্মী গৰাকীৰ বিৰুদ্ধে ৷

খোদ স্বাস্থ্যমন্ত্ৰীৰ গৃহ সমষ্টিতে ক’ভিড টীকাকৰণৰ নামত বেমেজালি

বিভাগীয় কৰ্তৃপক্ষৰ লগতৰ আশা কৰ্মী গৰাকীৰ ভুলৰ বাবেই এতিয়া টীকাকৰণৰ পৰা বঞ্চিত হৈছে কলিয়াবৰৰ পাটলিআটীবাসী। পুৱাৰ পৰা ক'ভিড প্ৰতিষেধকৰ বাবে শাৰী পাতি বিমুখ মনৰে ঘৰলৈ ওভতি যাব লগীয়া হৈছে গাঁওবাসী । মন কৰিব লগীয়া যে, স্থানীয় আশাকৰ্মী গৰাকীয়ে গাঁওখনত থকা ১নং পাটলিআটী প্ৰাথমিক বিদ্যালয় প্ৰতিষেধক শিবিৰৰ খবৰ দিছিল ৰাইজক ।

অভিযোগ অনুসৰি, প্ৰতিষেধক প্ৰদানৰ নামত প্ৰত্যেকৰ পৰা ধনো সংগ্ৰহ কৰিছিল স্থানীয় আশাকৰ্মী গৰাকীয়ে ৷ কিন্তু পুৱাৰে পৰা দীঘলীয়া শাৰী পাতিও বিমুখ হ’ব লগীয়া হয় গাঁওবাসী ।

অৱশেষত, বহু পলমকৈ খবৰ আহিল যে ১ নং পাটলিআটী প্ৰাথমিক বিদ্যালয়খনৰ পৰিৱৰ্তে অন্য এখন বিদ্যালয়তহে ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । ফলত হাৰাশাস্তিৰ সন্মুখীন হৈ ক্ষোভিত হৈ পৰে ভেকচিন গ্ৰহণৰ পৰা বঞ্চিত লোকসকল । আনহাতে, মাছ-ভাতৰ বাবে আশা কৰ্মীগৰাকীয়ে ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ তোলে ভুক্তভোগী লোকসকলে । এই অভিযোগৰ পাছতে এক উত্তেজনাপূৰ্ণ পৰিৱেশ বিৰাজ কৰে বিদ‍্যালয়খনৰ প্ৰাঙ্গনত।

লগতে পঢ়ক :মন্ত্ৰীৰ ভাষ্য কিয় বাৰে বাৰে খণ্ডণ কৰিবলগীয়া হৈছে মুখ্যমন্ত্ৰীয়ে ?

ABOUT THE AUTHOR

...view details