নগাঁও, 11 জানুৱাৰী :নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰ পৰাই ড্ৰাগছ, চোৰ, ডকাইতকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই বৃহৎ সফলতা লাভ কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ কম সময়তে প্রিয় হৈ পৰিছে নগাঁওবাসীৰ (IPS Ananda Mishra against crime)। নগাঁৱৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ জনপ্ৰিয়তা এতিয়া কেৱলমাত্ৰ নগাঁৱতে সীমাবদ্ধ হৈ থকা নাই ৷
পূৰ্বতে তেওঁ আৰক্ষী অধীক্ষক হিচাপে দায়িত্বত থকা জিলা ধুবুৰীতো ৰাইজৰ আদৰৰ আছিল আই পি এছ বিষয়াগৰাকী ৷ সেয়ে ধুবুৰীৰ পৰা নগাঁৱলৈ বিষয়া গৰাকী বদলি হৈ যোৱাৰ সময়ত শোকত ভাগি পৰা দেখা গৈছিল জিলাখনত থকা তেওঁৰ গুণমুগ্ধ সকলক ৷ ইয়াৰ পিছতে এই ভিডিঅ’ ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত নিশাৰ ভিতৰতে ৰাজ্যবাসীৰ মুখে মুখে সিঁচৰিত হৈ পৰিছিল আইপিএছ বিষয়া আনন্দ মিশ্ৰৰ নাম (IPS Ananda Mishra's popularity across Assam) ৷
অপৰাধীৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ওপৰিও বাইকিঙৰ ক্ষেত্ৰতো আৰক্ষী বিষয়া গৰাকীৰ আছে বিশেষ ৰাপ ৷ সেয়ে প্ৰায়েই সামাজিক মাধ্যমত সুদৰ্শন আৰক্ষী বিষয়া গৰাকীয়ে বাইক ৰাইডিং কৰাৰ ভিডিঅ’ অথবা ছবি ভাইৰেল হয় ৷ পিছে ইমানৰ পিছতো এতিয়া নিগেটিভ ৰিপ’ৰ্ট আহিছে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নামত ৷