অসম

assam

ETV Bharat / state

৫০ খনৰো অধিক বাইক লগত লৈ ৰাজপথত আনন্দ মিশ্ৰ - হেলমেট পৰিধান কৰক

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ক’লে, ''পুলিচৰ ভয়ত নহয়, নিজৰ সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰক(IPS Ananda Mishra urges people to wear helmet) ৷ হেলমেট পৰিধান নকৰিলে নিজৰ মানৱ অধিকাৰ খৰ্ব কৰা হয় আৰু ৰাজপথত শৃংখলাবদ্ধ ভাৱে বাইক নচলালে আনৰ মানৱ অধিকাৰ উলংঘা কৰা হয় ৷'' সবিশেষ জানো আহক ৷

ips-ananda-mishra-on-helmet-awareness-bike-rally
৫০ খনৰো অধিক বাইক লগত লৈ ৰাজপথত আনন্দ মিশ্ৰ

By

Published : Dec 10, 2021, 4:03 PM IST

নগাঁও, 10 ডিচেম্বৰ : হেলমেট পৰিধানৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অংশ ল’লে এক বাইক ৰেলীত(IPS Ananda Mishra on helmet awareness rally ) ৷ নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত অনুষ্ঠিত হোৱা মানৱ অধিকাৰ দিৱসত উপস্থিত হ’ল আৰক্ষী অধীক্ষক গৰাকী ৷ এই অনুষ্ঠানৰ জৰিয়তেই পুলিচৰ ভয়ত নহয়, নিজৰ সুৰক্ষাৰ বাবে হেলমেট পৰিধান কৰিবলৈ সকলোকে আহ্বান জনালে আনন্দ মিশ্ৰই ৷

বাইক আৰোহী সকলৰ প্ৰতি আহ্বান জনাই তেওঁ কয়, '' হেলমেটে ৰক্ষা কৰিব পাৰে বাইক চালক অথৱা বাইক আৰোহীৰ জীৱন । আৰক্ষীৰ ভয়তকৈ নিজৰ জীৱনক অধিক গুৰুত্ব দিব লাগে । সেয়ে আৰক্ষীৰ ভয়ত নহয়, নিজৰ জীৱনৰ সুৰক্ষাৰ বাবেই সকলো বাইক চালক, আৰোহীয়ে হেলমেট পৰিধান কৰক ।'' শুকুৰবাৰে নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা(Nagaon law college student union)ৰ উদ্যোগত অনুষ্ঠিত মানৱ অধিকাৰ দিৱসত অংশগ্ৰহণ কৰি এইদৰে আহ্বান জনায় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

৫০ খনৰো অধিক বাইক লগত লৈ ৰাজপথত আনন্দ মিশ্ৰ

মানৱ অধিকাৰক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে নগাঁও আইন মহাবিদ্যালয়ৰ পৰা উলিওৱা বাইক ৰেলীত অংশগ্ৰহণ কৰি হেলমেট পৰিধানক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই(IPS Ananda Mishra)। কোনো বিশেষ আয়োজন নোহোৱাকৈ অতি শৃংখলাবদ্ধভাৱে ৫০ খনৰো অধিক বাইক লৈ উলিওৱা এই ৰেলীত নেতৃত্ব দিয়ে আৰক্ষী অধীক্ষক গৰাকীয়ে(IPS Ananda Mishra on bike rally ) ৷

আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, হেলমেট পৰিধান নকৰিলে নিজৰ মানৱ অধিকাৰ খৰ্ব কৰা হয় আৰু ৰাজপথত শৃংখলাবদ্ধ ভাৱে বাইক নচলালে আনৰ মানৱ অধিকাৰ উলংঘা কৰা হয় ৷ ইয়াৰ লগতে হেলমেট পৰিধান কৰাৰ বাবে সম্প্ৰতি দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা বুলিও মন্তব্য কৰে তেওঁ । ইয়াৰ লগতে নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ সৈতেও আলোচনাত মিলিত হয় আৰক্ষী অধীক্ষক মিশ্ৰ ।

লগতে পঢ়ক :Swahid Divas celebrate in Nalbari : নলবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন শ্বহীদ দিৱস

ABOUT THE AUTHOR

...view details