অসম

assam

By

Published : Jan 20, 2022, 3:09 PM IST

ETV Bharat / state

Coronavirus: ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ

এসপ্তাহৰ অন্তত ক'ভিডমুক্ত হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (IPS Anand Mishra tests negative for COVID-19) । ক'ভিডমুক্ত হ'ল জিলাখনৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাও । আৰক্ষী অধীক্ষকৰ আৰোগ্য কামনা কৰি বহুতেই কৰিছিল প্ৰাৰ্থনা । নগাঁৱত পুনৰ সক্ৰিয় ৰূপত আৰম্ভ হ'ব আনন্দ মিশ্ৰৰ অপৰাধ বিৰোধী অভিযান (Anti-crime campaign to resume in active form)।

Coronavirus: ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ
Coronavirus: ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ

নগাঁও, 20 জানুৱাৰী:এটা সপ্তাহৰ অন্তত ক'ভিডমুক্ত হ'ল নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ (IPS Anand Mishra tests negative for COVID-19) । এসপ্তাহ পূৰ্বে কৰা ক'ভিড পৰীক্ষাত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাৰ দেহত পোৱা গৈছিল ক'ভিড ১৯ ৰ অৱস্থিতি । শুক্ৰবাৰে ক'ভিড ১৯ ত আক্ৰান্ত হোৱা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা চিকিৎসকৰ পৰামৰ্শ অনুসৰি আছিল হোম আইছ'লেশ্যনত ।

Coronavirus: ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ

চৰকাৰী নীতি নিয়ম অনুসৰি এসপ্তাহ হোম আইছ'লেশ্যনত আছিল দুয়োগৰাকী আৰক্ষী বিষয়া । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ক'ভিড ১৯ ত আক্ৰান্ত হোৱাৰ খবৰে উদ্বিগ্ন কৰি তুলিছিল নগাঁওবাসীৰ লগতে তেখেতৰ অনুৰাগী সকলক । আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ আশু আৰোগ্য কামনা কৰি বিভিন্নজনে কৰিছিল প্ৰাৰ্থনা ।

যোৱা 14 জানুৱাৰীত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ লগতে অতিৰিক্ত আৰক্ষী অধীক্ষক ( নিৰাপত্তা শাখা) নিৰূপম হাজৰিকাৰ ক'ভিড পৰীক্ষাৰ ফলাফলত পজিটিভ পোৱাৰ এসপ্তাহৰ অন্তত অৰ্থাৎ বৃহস্পতিবাৰে দ্বিতীয়বাৰৰ ক'ভিড পৰীক্ষা কৰা হয় আৰক্ষী বিষয়া দুগৰাকীৰ । বৃহস্পতিবাৰে কৰা ক'ভিড পৰীক্ষাত আহিল ভাল খবৰটো । দ্বিতীয়বাৰৰ বাবে কৰা ক'ভিড ১৯ পৰীক্ষাৰ ফলাফল নেগেটিভ বুলি স্বাস্থ্য বিভাগৰ এক সূত্ৰে জানিব পৰা গৈছে ।

Coronavirus: ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ

অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই নগাঁওবাসীৰ অতিকে আপোন হৈ পৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ক'ভিডমুক্ত হোৱাৰ খবৰে এতিয়া উৎফুল্লিত কৰিছে সকলোকে । সম্প্ৰতি ক'ভিডমুক্ত হোৱা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই পুনৰ কৰ্মত যোগদান কৰি অপৰাধৰ বিৰুদ্ধে সক্ৰিয় ৰূপত আৰম্ভ কৰিব অভিযান (Anti-crime campaign to resume in active form)। নগাঁও আৰক্ষীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাও শীঘ্ৰে যোগদান কৰিব কৰ্তব্যত ।

ABOUT THE AUTHOR

...view details