ৰূপহীহাট,10 জুন : এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই বুধবাৰে নিশা পৰ্যন্ত উত্তাল হৈ পৰে নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানা । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিশাই আৰক্ষী থানাত উপস্থিত হোৱা এইজনেই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । ক'ভিড পৰিস্থিতিৰ বাবে চৰকাৰে জাৰি কৰা সান্ধ্য আইনৰ সময়তে বুধবাৰে বিয়লি ৰূপহীহাটৰ গেৰেকীত যুৱকৰ এটা দলে অনুষ্ঠিত কৰিছিল ক্ৰিকেট খেল । যুৱকৰ দলটোৱে ক্ৰিকেট খেলি থকাৰ সময়তে উপস্থিত হোৱা ৰূপহীহাট আৰক্ষীৰ এটা দলে যুৱকৰ দলটোক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ।
সেই সময়তে আৰক্ষীৰ ভয়ত ওচৰৰে এটা বিলত জাঁপ দিয়া যুৱকৰ দলটোৰ চোহাইব আখতাৰ নামৰ যুৱকজন মৃত অৱস্থাত উদ্ধাৰ হয় বিলৰ পৰা । আৰক্ষীৰ প্ৰহাৰতে যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি সন্ধিয়া ৰূপহীহাট আৰক্ষী থানাত উপস্থিত হৈ শতাধিক লোকে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । পৰিয়ালৰ লোকেও আৰক্ষী থানাৰ সন্মুখত মৃতদেহ লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তেই হঠাৎ অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলী চলাবলগীয়া হয় আৰক্ষীয়ে ।
ইয়াৰ মাজতে একাংশ লোকে আৰক্ষীক লক্ষ্য কৰি নিক্ষেপ কৰে শিলগুটি । ভাঙি লণ্ডভণ্ড কৰে আৰক্ষীৰ তিনিখনকৈ বাহন । শিলগুটি নিক্ষেপ কৰাৰ ফলত আহত হয় এগৰাকী আৰক্ষীৰ লোকও । নিশা পৰ্যন্ত উত্তপ্ত হৈ থকা ৰূপহীহাট আৰক্ষী থানাত নিশাই উপস্থিত হয় আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । যুৱকজনৰ মৃত্যুৰ ন্যায় বিচাৰি আৰক্ষী অধীক্ষকৰ ভৰিত পৰে যুৱকজনৰ পৰিয়ালৰ এইগৰাকী মহিলা । ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । ইয়াৰ বিপৰীতে আইন হাতত লৈ আৰক্ষী থানাত আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধেও সৰৱ হৈ পৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ । আৰক্ষী থানাত শিলগুটি নিক্ষেপ কৰা ঘটনাত জড়িত কোনো এজন লোকক ৰেহাই নিদিয়াৰ হুংকাৰ দিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।