অসম

assam

ETV Bharat / state

মিকিৰ বামুণী গ্ৰাণ্টত ব্যতিক্ৰমীভাৱে আন্তৰ্জাতিক আদিবাসী দিৱস পালন - গণজাগৰন শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী

9 আগষ্ট দিনটোত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় আন্তৰ্জাতিক আদিবাসী দিৱস ৷ সমান্তৰালকৈ ভাৰতৰো বিভিন্ন প্ৰান্তত পালন কৰা হয় এই দিৱস ৷ আন্তৰ্জাতিক আদিবাসী দিৱস তথা বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি নগাঁৱৰ মিকিৰ-বামুণী গ্ৰাণ্টৰ ৰায়তী কৃষক সমাজেও পালন কৰিলে ব্যতিক্ৰমী কাৰ্যসূচী ৷

মিকিৰ বামুণী গ্ৰাণ্টত ব্যতিক্ৰমী ভাৱে আন্তৰ্জাতিক আদিবাসী দিৱস পালন
international-tribal-day-celebrated-at-mikir-bamuni-grant-of-nagaon

By

Published : Aug 9, 2021, 9:02 PM IST

চামগুৰি, 9 আগষ্ট : আন্তৰ্জাতিক আদিবাসী দিৱস আৰু 12 আগষ্টৰ বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে নগাঁৱৰ মিকিৰ-বামুণী গ্ৰাণ্টৰ ৰায়তী কৃষক সমাজে পালন কৰিলে "গণজাগৰণ" শীৰ্ষক এক ব্যতিক্ৰমী কাৰ্যসূচী ৷ উক্ত কাৰ্যসূচীত মিকিৰ বামুণীৰ কৃষকে শুকানজুৰি আৰু তপতজুৰি পাহাৰত দুষ্টচক্ৰই জধে মধে গছ গছনি কাটি, অবৈধভাৱে পাহাৰ খান্দি শিল বালি সংগ্ৰহ কৰাৰ কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে ৷

ইফালে দুয়োটা পাহাৰৰ মাজৰ সমতল তথা হাতীৰ সঘন আহজাহ কৰা ঠাই মিকিৰ বামুণী গ্ৰাণ্টক হাতী বিচৰণ ভূমি নহয় বুলি সকলোকে আচৰিত কৰি আজুৰ নামৰ এটা কোম্পানীক প্ৰমান পত্ৰ দিয়া কাৰ্যক তীব্ৰ সমালোচনা কৰে । লগতে অতিশীঘ্ৰে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে ৰায়তী কৃষক সমাজে ৷ ইয়াৰ উপৰি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ সকলক স্মৰণ কৰে কৃষক ৰাইজে ৷

মিকিৰ বামুণী গ্ৰাণ্টত ব্যতিক্ৰমী ভাৱে আন্তৰ্জাতিক আদিবাসী দিৱস পালন

বিশিষ্ট চলচিত্ৰ পৰিচালক গৌতম বৰাই অনুষ্ঠানটোত ভাগ লৈ মিকিৰ বামুণীৰ খিলঞ্জীয়া কৃষকৰ ভূমি অধিকাৰ আৰু প্ৰকৃতি ৰক্ষাৰ ওপৰত প্ৰশাসনক আহ্বান জনাই আৰু অসমৰ সকলো দল সংগঠনক এই বিষয়ত মাত মাতিবলৈ আহ্বান জনায় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি খিলঞ্জীয়া লোক সকলৰ বিভিন্ন সমস্যা আৰু তেওঁলোকৰ ওপৰত চলি থকা ৰাজনৈতিক আৰু অৰ্থনৈতিক ধাৰাবাহিক শোষণৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে গুৱাহাটী IIT ৰ অধ্যাপিকা বসুন্ধৰা জয়ৰথ , চিপিআইৰ নগাঁও জিলাৰ সম্পাদক ৰাতুল বৰা, ACYCP ৰ নগাঁও জিলাৰ সম্পাদক প্ৰাগজ্যোতিষ বণিয়া, ছাত্ৰ মুক্তিৰ নেতা মনোজ সিংহ ৰাজা, সমাজ কৰ্মী ঈশান কোচৰাজবংশী আদিয়ে ।

লগতে পঢ়কঃআজি বিশ্ব আদিবাসী দিৱস

ইফালে একেতা দিনতে কিৰ বামুণী গ্ৰাণ্টত নিখিল ভাৰত কৃষক সভা (AIKS) ৰ নগাঁও জিলা সমিতিৰ উদ্যোগত ভাৰত ত্যাগ আন্দোলনৰ স্মৰণত ৰূপায়ন কৰে "কৃষক সংসদ" নামেৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ থলুৱা ৰাইতী কৃষকৰ মাটি অবৈধভাৱে বেদখল কৰি প্ৰকল্পৰ কাম কৰা আজুৰ নামৰ কোম্পানীটোৰ নিৰ্মাণস্থলীৰ সমীপতে ৰূপায়ন কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ভুক্তভোগী সকলে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

লগতে পঢ়কঃঅসমৰ ভূমি বেদখলক লৈ উত্তপ্ত বিধানসভা : বিৰোধীৰ সদন ত্যাগ

প্ৰতিবাদকাৰী সকলে আমাৰ মাটি আমাক লাগে, বিদ্যুৎ চুৰি কাণ্ডৰ লগত জড়িত আজুৰ কোম্পানীয়ে মিকিৰ বামুণী ত্যাগ কৰক, 18 টাকৈ হাতীৰ মৃত্যুৰ উচিত তদন্ত লাগে, কৃষক আৰু জনগণৰ মৌলিক অধিকাৰ খৰ্ব কৰা সহ্য কৰা নহ'ব আদি বিভিন্ন শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ এই কাৰ্যসূচীত অংশ লয় আদৰ্শ কৃষক গৱেষক বনজিৎ হুছেইন, AIKS ৰ অসম ৰাজ্যিক উপসভাপতি জয়ন্ত গগৈ আৰু যুৱ নেত্ৰী বিদিশা বৰ্মনে ৷

উল্লেখযোগ্য যে, বিগত দুবছৰে মিকিৰ বামুণী ৰাইজ তথা বিভিন্ন দল সংগঠনে মিকিৰ বামুণী খিলঞ্জীয়া কৃষকৰ ভূমি বহিৰাগত বনিয়া কোম্পানীয়ে আহি বেদখল কৰাৰ বাবে প্ৰতিবাদ কৰি আহিছে ৷ যোৱা 26 জানুৱাৰীৰ পৰা ইয়াৰ স্থানীয় ৰায়তী কৃষক সকলে ন্যায় বিচাৰি লগতে দোষী চৰকাৰী বিষয়াৰ শাস্তি বিচাৰি অবিৰত বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷

লগতে পঢ়কঃশিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ সমস্যা সমাধানৰ দাবীত আছুৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details