অসম

assam

ক'ভিড যুদ্ধত ইন্টাৰনেশ্যনেল হিউমেন ৰাইট কাউঞ্চিলৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Jun 15, 2021, 10:25 PM IST

ইন্টাৰনেশ্যনেল হিউমেন ৰাইট কাউঞ্চিল (International Human Right Council) ৰ প্ৰশংসনীয় পদক্ষেপ । বিগত এমাহে ক'ভিড আক্ৰান্তক খাদ্য সামগ্ৰী বিতৰণ কৰি অহা এটা সেচ্ছাসেৱী সংস্থাই এতিয়া কৰ্তব্যৰত আৰক্ষী, পদপথত থকা লোককো প্ৰদান কৰিছে খাদ্য সামগ্ৰী ৷

international-human-right-councils-commendable-move-towards-covid-war
ক'ভিড যুদ্ধত ইন্টাৰনেশ্যনেল হিউমেন ৰাইট কাউঞ্চিলৰ প্ৰশংসনীয় পদক্ষেপ

নগাওঁ, 15 জুন :ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতৰ অসমতো সৃষ্টি কৰিছে অচলাৱস্থাৰ । চৌদিশে সৃষ্টি কৰিছে এক হাহাকাৰ অৱস্থাৰ । এনে সময়ত এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ইন্টাৰনেশ্যনেল হিউমেন ৰাইট কাউঞ্চিল (International Human Right Council) নামৰ এটা সেচ্ছাসেৱী সংস্থাই ।

ক'ভিড যুদ্ধত ইন্টাৰনেশ্যনেল হিউমেন ৰাইট কাউঞ্চিলৰ প্ৰশংসনীয় পদক্ষেপ

ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ সময়তে ক'ভিড আক্ৰান্তক চৰকাৰৰ ফালৰ পৰাও দিয়া হোৱা নাছিল খাদ্যৰ যোগান । সেই সময়ৰ পৰাই ক’ভিড যুদ্ধখনত জড়িত হৈ পৰিছিল ইন্টাৰনেশ্যনেল হিউমেন ৰাইট কাউঞ্চিল (International Human Right Council) নামৰ সংস্থাটো । চিকিৎসালয়ত ভৰ্তি হোৱা ক'ভিড আক্ৰান্তৰ লগতে হোম কোৱাৰাইণ্টাইন হৈ থকা আৰু পদপথত থকা অসহায় লোককো খাদ্যৰ যোগান ধৰি আহিছে এই সংস্থাটোৱে ।

পুৱাৰ ব্ৰেকফাষ্টৰ পৰা নিশাৰ আহাৰ পৰ্যন্ত যোগান ধৰি আহিছে অসহায় ক’ভিড আক্ৰান্ত লোকসকলক । শেহতীয়াকৈ কৰ'ণাসৃষ্ট পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে জাৰি কৰা আংশিক লক-ডাউনৰ সময়ত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ লোককো প্ৰদান কৰিছে খাদ্য সামগ্ৰী ।

লগতে পঢ়ক: বিজ্ঞানসন্মতভাৱে পৰিস্কাৰ কৰা হ’ব মহানগৰীৰ নলা : অশোক সিংঘাল

ABOUT THE AUTHOR

...view details