অসম

assam

ETV Bharat / state

International Disability Day : নগাঁৱত উদযাপন আন্তৰ্জাতিক দিব্যাংগ দিৱস - MLA Rupak Sarmah

নগাঁৱত উদযাপন আন্তৰ্জাতিক দিব্যাংগ দিৱস (International Disability Day ) ৷ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Nagaon Govt Boys' High School) ৰ সভাগৃহত অনুষ্ঠিত হোৱা দিব্যাংগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (MLA Rupak Sarmah) ।

International Disability Day
নগাঁৱত উদযাপন আন্তৰ্জাতিক দিব্যাংগ দিৱস

By

Published : Dec 3, 2021, 10:31 PM IST

চামগুৰি, 3 ডিচেম্বৰ : আজি আন্তৰ্জাতিক দিব্যাংগ দিৱস (International Disability Day) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নগাঁও জিলাতো শুকুৰবাৰে উদাযাপন কৰা হয় আন্তৰ্জাতিক দিব্যাংগ দিৱস ৷ সৰ্বশিক্ষা অভিযান নগাঁৱৰ সামূহিক শিক্ষা বিভাগ আৰু প্ৰাক প্ৰাথমিক শিক্ষা বিভাগৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় এই দিৱসটি ।

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় (Nagaon Govt Boys' High School) ৰ সভাগৃহত অনুষ্ঠিত হোৱা দিব্যাংগ দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (MLA Rupak Sarmah) । নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষ দিপীকা লস্কৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক দিব্যাংগ দিৱসৰ কাৰ্যসূচীত কেইবাগৰাকীও বিশেষভাৱে সক্ষম শিশুক হুইল চেয়াৰকে ধৰি তেওঁলোকৰ বাবে প্ৰয়োজনীয় বিভিন্ন সহায়ক সজুলি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ।

নগাঁৱত উদযাপন আন্তৰ্জাতিক দিব্যাংগ দিৱস

এই সভাত বিধায়ক শৰ্মাই কয় যে, ‘আজিৰ দিনটো বিশেষভাৱে সক্ষম শিশুসকলৰ বাবে এটি বিশেষ দিন । এওঁলোকৰ লগত সময় অতিবাহিত কৰিবলৈ পাই মই অত্যন্ত সুখী অনুভৱ কৰিছো । শাৰীৰিক বাধা থাকিলেও এওঁলোক কোনোফালে পিচপৰা নহয় । ব্যক্তিত্ব বিকাশৰ ক্ষেত্ৰত শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও হেঙাৰ হ’ব নোৱাৰে’ ৷

এই অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নাথ, বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শক বুদ্ধ কটকী, জ্যেষ্ঠ সাংবাদিক তথা নগাঁও প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি কনক হাজৰিকা, আঁচনি বিষয়া শ্ৰুতিমালা গায়ন বৰা, সৰ্বশিক্ষা অভিযানৰ দূৰ্লভ পৱন বৰা, লেখক উজ্জল জ্যোতি দাস প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে । এই অনুষ্ঠানতে "দিগন্তৰ সীপাৰে" শীৰ্ষক স্মৃতিগ্ৰন্থখনো উন্মোচন কৰে বিধায়ক ৰূপক শৰ্মাই ।

উল্লেখ্য যে, দিব্যাংগ দিৱসৰ কাৰ্যসূচীত কেইবাগৰাকীও প্ৰতিভাৱন শিল্পীয়ে পৰিৱেশন কৰা সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোকে মুগ্ধ কৰি তোলে ।

লগতে পঢ়ক :International Disability Day : বিশেষভাৱে সক্ষম ছাত্ৰ অমিনুল খানক প্ৰেৰণা বঁটা প্ৰদান

ABOUT THE AUTHOR

...view details