নিউজ ডেস্ক, 8 নৱেম্বৰঃ প্ৰাক্তন কংগ্ৰেছী অনিল ৰাজাৰ বিস্ফোৰণ ৷ কংগ্ৰেছত থাকি কংগ্ৰেছৰ বিৰুদ্ধেই ষড়যন্ত্ৰৰ অভিযোগ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক অনিল ৰাজাই গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি সৰৱ হৈ পৰে একালৰ সতীৰ্থ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ ৰকিবুল হুছেইনে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান কৰিছিল আৰু আজি সেই ব্যক্তিজনৰ পুত্ৰৰ বিৰুদ্ধেই ষড়যন্ত্ৰ ৰচিছে বুলি ভয়ংকৰ অভিযোগ উত্থাপন কৰে অনিল ৰাজাই ৷
ইয়াৰোপৰি বৰ্তমান কংগ্ৰেছৰ ভিতৰচৰাত অন্তঃকন্দলে দেখা দিয়া বুলিও মন্তব্য কৰে ৰাজাই ৷ ৰকিবুলৰ বংশই মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ ভাৰতৰ স্বাধীনতা আন্দোলনক কেতিয়াও সমৰ্থন কৰা নাছিল আৰু স্বাধীন ভাৰতৰ পৰিৱৰ্তে জিন্না আৰু পাকিস্তানক সমৰ্থন কৰিছিল বুলিও তাচ্ছিল্য কৰে কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনে ৷ আনহাতে কংগ্ৰেছত থাকি হিমন্তৰ সৈতে লগ লাগি ৰকিবুলে তৰুণ গগৈ, ৰিপুন বৰা, প্ৰদ্যুৎ বৰদলৈ সকলোকে বিশ্বাসঘাতকতা কৰিছে বুলিও কটাক্ষ কৰে তেওঁ ৷
আৰু পঢ়কঃনাগৰিকত্ব সংশোধনী বিধেয়কক সমৰ্থন বৰাক কংগ্ৰেছৰ
উক্ত সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ বিৰুদ্ধেও সৰৱ হৈ উঠে অনিল ৰাজা । তেওঁ কয় যে, ৰিপুন বৰা মেৰুদণ্ডহীন আৰু দক্ষতাহীন, অতীতৰ বহু কলংকিত অধ্যায়ৰ বাবে তেওঁক কংগ্ৰেছৰ নেতাসকলে সভাপতি ৰূপত কেতিয়াও স্বীকাৰ নকৰে । প্ৰাক্তন সাধাৰণ সম্পাদক অনিল ৰাজাক দলৰ পৰা বহিস্কাৰ কৰা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাজাই কয় ' মোক কোনো দলৰ পৰা বহিস্কাৰ কৰিব নোৱাৰে’ ‘দলৰ সংবিধান উলংঘা কৰি মোক নিলম্বন কৰা হৈছে’ ৷
পুনৰবাৰ ৰকিবুলক সমালোচনা কৰি কয় যে, ৰকিবুলে সভাপতি পদৰ বাবে যি সপোন দেখি আছে সেয়া কেতিয়াও পূৰণ নহয় । ৰকিবুলৰ পৰিয়াল বাংলাদেশৰ ঢাকাৰ মাছ বেপাৰী বুলিও তীব্ৰ কটাক্ষ কৰে ৰাজাই ৷
অনিল ৰাজা বিজেপিৰ দালাল বুলি ৰকিবুলে কৰা মন্তব্য সন্দৰ্ভত ৰাজাই কয় যে 'মই কংগ্ৰেছকৰ্মী, আৰু মই কংগ্ৰেছতে থাকিম, বিজেপিলৈ কেতিয়াও নাযাওঁ' । ৰাজ্যত কংগ্ৰেছৰ সভাপতি পৰিৱৰ্তনৰ জল্পনা-কল্পনা চলি থকাৰ সময়তে দেৱব্ৰত শইকীয়াৰ নামৰ ইংগিত বহন কৰি ৰাজাই কয় যে, কংগ্ৰেছ শাসনকালত থকা কোনো মন্ত্ৰীক সভাপতি পদ দিব নালাগে ৷
কংগ্ৰেছৰ ভিতৰচ’ৰাত চলিছে খোৱাকামোৰা ইফালে নগাঁৱত অনিল ৰাজা আৰু ৰূপজ্যোতি কুৰ্মীক উভতি ধৰিলে ৰকিবুল হুছেইনে ৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে এক সংবাদমেল আয়োজন কৰি তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লোৱা অনিল ৰাজা আৰু ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ৰকিবুল হুছেইনক গেলা আলু আখ্যা দিয়াৰ প্ৰত্যুত্তৰত নাম নোলোৱাকৈ মন্তব্য কৰে যে, নিজকে সুগন্ধি আলু বুলি ভৱা একাংশৰ নিজৰ সমষ্টিতে নাই কোনো অস্তিত্ব । লগতে কয় যে, কিছুদিন পূৰ্বে বিজেপিত যোগদানৰ চেষ্টা কৰিও স্থান লাভ নকৰাৰ পিছত এতিয়া কংগ্ৰেছত আৰম্ভ কৰিছে বিসম্বাদ ৷
ইপিনেঅনিল ৰাজাকো উভতি ধৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে সংবাদ মেলত কেবাটাও বিস্ফোৰক মন্তব্য কৰে ৷ একালৰ সতীৰ্থ অনিল ৰাজাক চোকা সমালোচনা কৰি ৰকিবুল হুছেইনে ৰাজহুৱা কৰিলে দুটাকৈ বিস্ফোৰক অডিঅ’ ক্লিপ । অডিঅ’ ক্লিপ দুটাত ৰকিবুল হুছেইনৰ পূৰ্বৰ এগৰাকী দেহৰক্ষী আৰু অনিল ৰাজাৰ মাজত হোৱা কথোপকথন সন্নিৱিষ্ট আছে । ৰকিবুল হুছেইনৰ বিৰুদ্ধে অনিল ৰাজাই অনা অগাধ সম্পত্তিৰ অভিযোগত সাঙুৰ খাইছিল এইগৰাকী দেহৰক্ষীৰ নাম । ৰকিবুল হুছেইনৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগত আৰক্ষীৰ শীৰ্ষ বিষয়া জড়িত থকাৰো অভিযোগ কৰি তেওঁ ৰাজহুৱা কৰে অডিঅ’ ক্লিপটো । কংগ্ৰেছৰ হাইকামাণ্ড ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্ব সন্দৰ্ভতো মন্তব্য কৰি ৰকিবুল হুছেইনে কয় যে, দিল্লী নেতৃত্বই সঠিক সময়ত সঠিক সিদ্ধান্ত লৈছে ৷
কংগ্ৰেছৰ ভিতৰচ’ৰাত চলিছে খোৱাকামোৰা আনহাতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ গৈ অনিল ৰাজাই স্বাধীনতা সংগ্ৰামী উমা ফুকনৰ প্ৰসংগ উত্থাপন কৰা কাৰ্যক গৰিহণা দিয়ে উমা ফুকনৰ পৰিয়ালে । ভৱিষ্যতে ৰাজনৈতিক বিবাদত উমা ফুকনৰ নাম ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিছে উমা ফুকনৰ কন্যা বিভা ফুকনে ।