নগাঁও, 26 এপ্ৰিলঃৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নগাঁৱৰ পৰাও অব্যাহত আছে আন্তঃজিলা যাতায়ত ব্যৱস্থা ৷ দেওবাৰে স্বাস্থ্য পৰীক্ষা কৰি ৭৫ গৰাকী বিভিন্ন জিলাৰ যাত্ৰীক অসম পৰিবহন নিগমৰ বাছেৰে নিজ নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰে জিলা প্ৰশাসনে । আনহাতে চৰকাৰী নিৰ্দেশ মানি স্বাস্থ্য পৰীক্ষাৰ লগতে সকলো যাত্ৰীকে যাত্ৰাৰ সময়ত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰোৱা হয় ৷ ইপিনে দেওবাৰে নগাঁৱৰ নেহেৰুবালিত আৰক্ষী,চিকিৎসক,স্বাস্থ্য কৰ্মীৰ দল উপস্থিত থকাৰ লগতে জিলা উপায়ুক্ত যাদৱ শইকীয়া নিজেই উপস্থিত থাকি পৰ্যবেক্ষণ কৰে সকলোবোৰ দিশ ৷
৭৫ জন যাত্ৰীক ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ - নেহেৰুবালি
৭৫ গৰাকী বিভিন্ন জিলাৰ যাত্ৰীক অসম পৰিবহন নিগমৰ বাছেৰে নিজ নিজ ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ ৷
৭৫ জন যাত্ৰীক ঘৰলৈ যোৱাৰ ব্যৱস্থা নগাঁও জিলা প্ৰশাসনৰ