অসম

assam

এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী

By

Published : May 6, 2021, 2:04 PM IST

Updated : May 6, 2021, 2:14 PM IST

বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ গাঁৱৰ এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী ৷ চাৰিবছৰ পূৰ্ৱে এক পথ দুৰ্ঘটনাৰ ফলত পংগুত্বৰ জীৱন আঁকোৱালি ল’বলগীয়া হৈছিল মফিজুল নামৰ যুৱকজনে ৷

এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী
এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী

চামগুৰি, 6 মে’:বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ গাঁৱৰ এজন বিশেষ ভাৱে সক্ষম যুৱক। তেওঁৰ নাম মফিজুল ইছলাম । দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মফিজুলে এসময়ত সকলো লোকৰ দৰে সাধাৰণ জীৱন যাপন কৰি বহিঃৰাজ্যত কৰ্মৰত হৈ জীৱন নিৰ্বাহ কৰি আহিছিল ৷

কিন্তু নিয়তিৰ পৰিহাসত আজিৰ পৰা চাৰি বছৰ পূৰ্ৱে এক পথ দুৰ্ঘটনাৰ ফলত তেওঁ আঁকোৱালি লব লগা লয় পংগুত্বৰ জীৱন। বৰ্তমান তেওঁ ভালদৰে খোজ কাঢ়িব নোৱাৰে। কিন্তু মনৰ উদ্যমে ভেটা দি ৰাখিব নোৱাৰিলে মফিজুলক । আজি তেওঁ এজন সফল ব্যৱসায়ী ।

এজন বিশেষ ভাৱে সক্ষম যুৱকৰ প্ৰেৰণা দায়ক কাহিনী

ক’ভিড-19 ৰ বাবে দেশত প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ পিছত বহিঃৰাজ্যৰ লগত অসমৰ যোগাযোগ সম্পূৰ্ণ বন্ধ হৈ পৰিছিল । লগে লগে আৱদ্ধ হৈ পৰিছিল বহিঃৰাজ্যত কৰ্মৰত অসমৰ হেজাৰ হেজাৰ যুৱক-যুৱতী ।

সেই সময়ৰ পৰাই তেওঁ কেৰালা পৰিবহন নিগমৰ লগত আলোচনা কৰি অসমৰ পৰা আৰম্ভ কৰে দূৰণিবটীয়া বাছ সেৱা । দৈনিক আৰম্ভ হোৱা এই বাছ সেৱাই উপকৃত কৰে হেজাৰ হেজাৰ নিবনুৱা যুৱক যুৱতীক।

আজিৰ দিনত অসমৰ প্ৰায়সমূহ জিলাৰ পৰাই মফিজুলৰ মাধ্যমত চলাচল কৰে প্ৰায় শতাধিক অত্যাধুনিক বাছ । ইয়াৰ আলম লৈ গঢ়ি উঠিছে শতাধিক আস্থান । সংস্থাপিত হৈছে প্ৰায় দুই শতাধিক যুৱক-যুৱতী। মফিজুলৰ আহ্বান কপালক দোষ দি বহি নাথাকি নিজে কিবা এটা কৰাৰ সাহস বুকুত বান্ধি ল’লে আপুনিও শত সহস্ৰ জনৰ পথ প্ৰদৰ্শক হ’ব পাৰে ।

এতিয়া বহিঃ ৰাজ্যত যাব বিচাৰিলে আপুনি যাতায়তৰ অপেক্ষা কৰিব নালাগে9864335171 নম্বৰত মফিজুলৰ লগত যোগাযোগ কৰি অসমৰ যিকোনো ঠাইৰ পৰা যাব পাৰিব বাছেৰে ।

লগতে পঢ়ক:ৰাজ্যৰ ভিতৰত ক'ভিড আক্ৰান্ত জিলাৰ দ্বিতীয় স্থানত ডিব্ৰুগড়

Last Updated : May 6, 2021, 2:14 PM IST

ABOUT THE AUTHOR

...view details