অসম

assam

ETV Bharat / state

নগাঁৱৰ 42 গৰাকী শিক্ষকৰ বিৰুদ্ধে জাননী বিদ্যালয় পৰিদৰ্শকৰ - বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়

শিক্ষকৰ অনিয়মৰ বিৰুদ্ধে কঠোৰ নগাঁও জিলা বিদ্যালয় পৰিদৰ্শক । ৪২গৰাকীকৈ শিক্ষকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি। বিদ্যালয় পৰিদৰ্শকৰ চাডেন ভিজিটত পোহৰলৈ আহিছে শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ তথ্য। এখন বিদ্যালয়ত পালে তলাবন্ধ ।

নগাঁৱৰ 42 গৰাকী শিক্ষকৰ বিৰুদ্ধে জাননী বিদ্যালয় পৰিদৰ্শকৰ
নগাঁৱৰ 42 গৰাকী শিক্ষকৰ বিৰুদ্ধে জাননী বিদ্যালয় পৰিদৰ্শকৰ

By

Published : Apr 5, 2021, 6:37 PM IST

Updated : Apr 5, 2021, 7:26 PM IST

নগাঁও, 5 এপ্ৰিল : শিক্ষাবৰ্ষৰ আৰম্ভণিতেই বিদ্যালয়ৰ অনিয়ময়ৰ বিৰুদ্ধে কঠোৰ হৈছে নগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ । সোমবাৰে নগাঁৱৰ কেইবাখনো বিদ্যালয়ত চাডেন ভিজিট কৰিলে বিদ্যালয় পৰিদর্শক মৃদুল কুমাৰ নাথে । বিদ্যালয় পৰিদর্শনৰ সময়ত শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ তথ্য লাভ কৰি হতভম্ব হৈ পৰে বিষয়াগৰাকী ।

নগাঁৱৰ 42 গৰাকী শিক্ষকৰ বিৰুদ্ধে জাননী বিদ্যালয় পৰিদৰ্শকৰ

নগাঁৱৰ সাত খন বিদ্যালয় পৰিদৰ্শন কৰি ছয় খন বিদ্যালয়ৰ মুঠ ৪২ গৰাকী শিক্ষকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে বিদ্যালয় পৰিদৰ্শক মৃদুল কুমাৰ নাথে । নগাঁৱৰ চকলাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০ গৰাকী, ৰাইদঙীয়া হলিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৩ গৰাকী, সতিৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৮ গৰাকী, বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৩ গৰাকী, সোনাইঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ 6 গৰাকীৰ লগতে হাটীচুং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ আটাইকেইগৰাকী শিক্ষকক অনিয়মীয়া উপস্থিতিৰ বাবে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ।

হাটীচুং ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়খন দিনৰ ১২.৪৫ বজাতে তলাবন্ধ প্ৰত্যক্ষ কৰিছিল পৰিদৰ্শন কৰিবলৈ যোৱা জিলা বিদ্যালয় পৰিদৰ্শকে । আনহাতে ধনীয়ভেটি উচ্চ মাধ্যমিক বিদ্যালয়ত আটাইকেইজন শিক্ষক উপস্থিত আছিল সোমবাৰৰ দিনটোত । দুদিনৰ ভিতৰত এইসকল শিক্ষকে অনুপস্থিতিৰ কাৰণ নজনালে এদিনৰ দৰমহা কৰ্তন কৰা হ’ব বুলিও জনালে মৃদুল কুমাৰ নাথে ৷ তাৰ লগতে নিয়মীয়া ভাৱে এনে পৰিদৰ্শন চলি থাকিব বুলিও পৰিদৰ্শক গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক:আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান

Last Updated : Apr 5, 2021, 7:26 PM IST

ABOUT THE AUTHOR

...view details