চামগুৰি, 20 জানুৱাৰী : চামগুৰিত বিজেপি নেতাৰ মাজত অন্তঃকন্দল ৷ এসময়ত কংগ্ৰেছত দেখা দিয়া প্ৰাৰ্থীত্ব কেন্দ্ৰিক অন্তঃকন্দল সম্প্ৰতি বহু ঠাইত বিজেপিৰ দলীয় নেতা কৰ্মীৰ মাজতো গা কৰি উঠা দেখা গৈছে । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ গড় স্বৰূপে জ্ঞাত চামগুৰি সমষ্টিতো প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি বিজেপি দলৰ একাংশ নেতা-কৰ্মীৰ মাজত সৃষ্টি হোৱা দেখা পোৱা গৈছে দলীয় অন্তঃকন্দল । এই কথা যেন জলজল পতপতকৈ পোহৰলৈ আহিল বুধবাৰে চামগুৰিৰ লোকনিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱনত বিজেপিয়ে অনুষ্ঠিত কৰা এখন ৰাজহুৱা মত বিনিময় সভাত ।
সভাখনত উপস্থিত হোৱা প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক পৃথকে-পৃথকে সাক্ষাৎ তথা সম্ভাষণ জনালে বিজেপিৰ দুটাকৈ পক্ষই । প্ৰাক্তন মন্ত্ৰী গৰাকীৰ বাবে সভা থলীৰ বাহিৰত শতাধিক নেতা-কৰ্মী সহ অপেক্ষাৰত পক্ষটোৰ দাবী আগন্তুক নিৰ্বাচনত সমষ্টিৰ অন্তৰ্গত কোনো যোগ্য বিজেপি প্ৰাৰ্থীত্ব প্ৰত্যাশীক হে দলে টিকত প্ৰদান কৰিব লাগে ৷ চামগুৰি সমষ্টিৰ বাবে প্ৰাৰ্থীত্ব প্ৰত্যাশী কলিয়াবৰ জিলা বিজেপিৰ সভাপতি তথা ৰূপহীহাট সমষ্টিৰ নাগৰিক অনিল শইকীয়াক দলে প্ৰাৰ্থীত্ব প্ৰদান কৰাতো এক প্ৰকাৰে চূড়ান্তভাৱে বিৰোধিতা কৰিলে পক্ষটোৱে ।