অসম

assam

ETV Bharat / state

বুলেট লৈ নগাঁৱৰ ৰাজপথত শিৱ আৰু পাৰ্বতী

বাইকেৰে নগাঁৱলৈ আহিল শিৱ-পাৰ্বতী । পিছে বাইকৰ তেল শেষ হোৱাত কাজিয়াত লিপ্ত হয় শিৱ-পাৰ্বতী । পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শিৱ-পাৰ্বতীৰ প্ৰতিবাদ (Protest against price hike)। দুয়োকে চাবলৈ ৰাজপথত ৰাইজৰ ভিৰ ।

Nagaon
বুলেট লৈ নগাঁৱৰ ৰাজপথত শিৱ আৰু পাৰ্বতীৰ আগমন

By

Published : Jul 9, 2022, 1:05 PM IST

নগাঁও,৯ জুলাই :নগাঁৱৰ ৰাজপথত ব্যতিক্ৰমী দৃশ্য । পুৱাই ৰাজপথত দেখা গ'ল শিৱ আৰু পাৰ্বতীক । শিৱ-পাৰ্বতীক চাবলৈ ৰাজপথত ৰাইজৰ ভিৰ । ভগৱানক ওচৰত পাই ভক্তসকলৰ মনত আনন্দ । কিন্তু নগাঁৱৰ ৰাজপথত এনেদৰে শিৱ-পাৰ্বতী কেনেকৈ আহিল ?

আচলতে মটৰ চাইকেল লৈ আহিছে শিৱ-পাৰ্বতী । কিন্তু আধা ৰাস্তাতে শিৱ-পাৰ্বতী অহা মটৰ চাইকেলৰ তেল শেষ হ'ল । লগে লগে ৰাজপথতে দুয়োগৰাকীৰ মাজত তৰ্কাতৰ্কি আৰম্ভ হয় । সাধাৰণ তৰ্কাতৰ্কিয়ে পিছলৈ দুৰ্বাদল কাজিয়াৰ ৰূপ লয় ।

বুলেট লৈ নগাঁৱৰ ৰাজপথত শিৱ আৰু পাৰ্বতীৰ আগমন

শিৱ-পাৰ্বতীৰ মাজৰ কাজিয়া দেখি সেই স্থানত ভিৰ কৰিলে অসংখ্য লোকে । অৱশ্যে আপুনি ভবাৰ দৰে এয়া ভগৱান শিৱ-পাৰ্বতী নহয় । আচলতে এয়া এক প্ৰতিবাদৰ অংশহে (Innovative Protest against price hike)। মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে এনেদৰে শিৱ-পাৰ্বতীৰ ৰূপত দেখা গ'ল নগাঁৱৰ বিৰিঞ্চি বৰা আৰু পৰিস্মিতাক ।

উল্লেখ্য যে ৰাজ্যৰ ভিন্ন প্ৰান্তত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত আছে (Protest against price hike)। বিভিন্ন দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে নগাঁৱৰ দুই শিল্পীৰ এই অভিনৱ প্ৰতিবাদ ।

মূল্যবৃদ্ধিৰ ফলত ৰাইজে সন্মুখীন হোৱা সমস্যাবোৰক উপস্থাপন কৰিবলৈ এনেদৰে বাটৰ নাট প্ৰদৰ্শন কৰিলে বিৰিঞ্চি বৰা আৰু পৰিস্মিতাই । পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জনসাধাৰণক জুৰুলা কৰাৰ সময়তে নগাঁৱৰ এই অভিনৱ প্ৰতিবাদে ৰাইজ আমোদ দিয়াৰ লগতে এই বিষয়ত সজাগ কৰাও দেখা গৈছে ।

লগতে পঢ়ক :নাজিৰাত ব্যৱসায়িক প্ৰতিষ্ঠানত ওলাল বৃহৎ পৰিমাণৰ নিষিদ্ধ প্লাষ্টিকৰ সামগ্ৰী

ABOUT THE AUTHOR

...view details