অসম

assam

ETV Bharat / state

নগাৱঁত উন্নয়নৰ কামৰ শুভাৰম্ভত ব্যস্ত এতিয়া বিধায়ক ৰূপক শৰ্মা - নগাঁও সদৰ সমষ্টিত বিৰোধীয়ে মুখ ঠেকেছা খাব লগতে কংগ্ৰেছৰ বিগত ১৫ বছৰীয়া শাসনকালত হোৱা উন্নয়নমূলক কামতকৈ এই পাঁচটা বছৰে বহুগুণে বেছি উন্নয়ন হৈছে বুলি মন্তব্য কৰে

নগাৱঁৰ কুৰুৱাবাহী নামঘৰৰ আন্তঃগাঁঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ । পহিলা মাঘৰ দিনটোতে পৱিত্ৰ অনুষ্ঠানৰ শুভাৰম্ভণি কৰি ৰূপক শৰ্মাই বিৰোধী দলক কটাক্ষ কৰে আৰু আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ জয়ী নিশ্চিত বুলিও দাবী কৰে ।

নগাৱঁৰ কুৰুৱাবাহী নামঘৰৰ আন্তঃগাঁঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ
নগাৱঁৰ কুৰুৱাবাহী নামঘৰৰ আন্তঃগাঁঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

By

Published : Jan 16, 2021, 11:08 AM IST

নগাঁও, ১৬ জানুৱাৰী: পহিলা মাঘৰ দিনটোতে পৱিত্ৰ অনুষ্ঠান নগাৱঁৰ কুৰুৱাবাহী নামঘৰৰ আন্তঃগাঁঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই । সমষ্টিতটোত এটাৰ পিছত এটা উন্নয়নমূলক কামৰ শুক্ৰবাৰে শুভাৰম্ভণি কৰি ৰূপক শৰ্মাই উন্নয়নমূলক কামৰ বাবেই আগন্তুক নিৰ্বাচনত নগাঁও সদৰ সমষ্টিত বিৰোধীয়ে মুখ ঠেকেছা খাব বুলি উল্লেখ কৰাৰ লগতে কংগ্ৰেছৰ বিগত ১৫ বছৰীয়া শাসনকালত হোৱা উন্নয়নমূলক কামতকৈ এই পাঁচটা বছৰে বহুগুণে বেছি উন্নয়ন হোৱা বুলি মন্তব্য কৰে ।

নগাৱঁৰ কুৰুৱাবাহী নামঘৰৰ আন্তঃগাঁঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

উল্লেখ্য় যে, আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে শাসক বিৰোধী প্ৰতিটো দলে ইতিমধ্যে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে । পৰস্পৰে পৰস্পৰৰ মাজত এটাৰ পাচত আনটো উন্নয়নমূলক কামৰ নিদৰ্শন দাঙি ধৰিছে । ইয়াৰ মাজতে নিৰ্বাচনৰ পূৰ্বে শুক্ৰবাৰে নগাৱঁৰ বিধায়ক ৰূপক শৰ্মাই কুৰুৱাবাহী নামঘৰৰ আন্তঃগাঁঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰি ৰাইজৰ মন আকৰ্ষিত কৰি তোলে ।

লগতে পঢ়ক:শনিবাৰৰ পৰা অসমৰ ৬৫ স্থানত আৰম্ভ হ'ব ক'ভিড ভেকচিন প্ৰদান কাৰ্যসূচী

For All Latest Updates

ABOUT THE AUTHOR

...view details