নগাঁও, 31 আগষ্ট :নাম তেওঁৰ কিতাব আলী, এই ভদ্ৰলোকজন পেছাত এটা কুখ্যাৎ ডকাইত ৷ মাজে মাজে বাইক চুৰি, মাজে মাজে ডকাইতি; মুঠৰ ওপৰত এই দুষ্কাৰ্যবোৰৰ মাজতে হিন্দী চিনেমাৰ দৰে চলি আছে কিতাবৰ জীৱন ৷ কেৱল ইমানেই নে ? হস্ত নিৰ্মিত পিস্তলতেই থ্ৰী নট থ্ৰী ৰাইফলৰ গুলী ব্যৱহাৰ কৰাৰ পাৰদৰ্শিতা অৰ্জন কৰি এক কথাত ত্ৰাসৰ সৃষ্টি কৰি আছিল কুখ্যাত ডকাইত কিতাব আলীয়ে ৷ পিছে, কাহিনীত ডকাইত থাকিলেইটো নহ’ব, পুলিচো লাগিব ৷
হয়, শেহতীয়াকৈ কৰা কৰ্ম কাণ্ডৰে আৰক্ষীৰ মষ্ট ওৱান্টেড হৈ পৰিছিল আলী ৷ মৰিগাঁৱৰ কেইজনমান যুৱকৰ সৈতে মিলি কিতাবে ডকাইতিৰ পৰিকল্পনা কৰাৰ খবৰ গোপন সূত্ৰৰ ভিত্তিত লাভ কৰিলে নগাঁও আৰক্ষীয়ে । এই সূত্ৰৰ ভিতৰতে মঙলবাৰে আৰক্ষীৰ এটা দলে ডকাতৰ দলটোৰ বিৰুদ্ধে নগাঁৱৰ কাছমাৰীত এম্বুছৰ ব্যৱস্থা কৰে । নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা আৰু নগৰ শাখাৰ উপ পৰিদৰ্শক কুন্দন ৰবি দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অতি কৌশলেৰে পৰৱৰ্তী সময়ত আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ডকাইত কিতাব আলীক ।