কলিয়াবৰ,10 ছেপ্তেম্বৰ:নগাঁৱৰকলিয়াবৰৰ নলতলিৰ সমীপৰ আঁৰিমৰাত অসম ক্ষুদ্ৰ উদ্যোগ বিকাশ নিগমৰ উদ্যোগিক আন্তঃগাঁথনি কেন্দ্ৰত গঢ় লৈ উঠিছে বহুসংখ্যক সৰু-বৰ উদ্যোগ ৷ কেন্দ্ৰটোৰ চৌহদত 2017 চনত প্ৰতিষ্ঠা কৰা হৈছিল দেশৰ আগশাৰীৰ ৰঙৰ উৎপাদন প্ৰতিষ্ঠান বাৰ্জাৰ পেইণ্টছ ইণ্ডিয়াৰ এক উৎপাদন শাখা ৷ উক্ত শাখাটোৱে সংস্থাপন দিছিল বহুসংখ্যক স্থানীয় লোকক ৷ কিন্তু এতিয়া সেই উদ্যোগটোৱে প্ৰতিৱেশীৰ বাবে কঢ়িয়াই আনিছে বিপদ ৷ কিয়নো উক্ত শাখাটোৰ উৎপাদন কাৰ্য আৰম্ভ হোৱাৰ পিছত দেখা দিছে বিভিন্ন সমস্যাই ৷ প্ৰতিষ্ঠানটোৰ পৰা নিৰ্মাণকাৰ্যত ব্যৱহৃত হোৱাৰ পিছত বৰ্জিত পানী আৰু বিষাক্ত গেছে প্ৰতিৱেশীৰ বাবে সৃষ্টি কৰি আহিছে বিভিন্ন সমস্যাৰ ৷
উক্ত বিষয় সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ বিষয়াবৰ্গক স্থানীয় ৰাইজে অৱগত কৰাৰ পিছতো গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ৷ ফলত বিগত প্ৰায় তিনি বছৰৰ পৰা অঞ্চলটোৰ কৃষিভূমিত ধান-মৰাপাটৰ উৎপাদন হ্ৰাস পাই আহিছে । তদুপৰি পোহনীয়া জীৱ-জন্তুৰ বাবেও অভাৱ ঘটিছে পৰ্যাপ্ত পৰিমাণৰ ঘাঁহৰ ৷ এই অৱস্থা দিনে-দিনে বৃদ্ধি হোৱাৰ ফলত পৰৱৰ্তী সময়ত কলিয়াবৰৰ পশ্চিমাঞ্চলত কৃষি আৰু কৃষকসকল বাৰুকৈয়ে প্ৰভাৱিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ৰাইজে ৷ সেয়ে স্থানীয় প্ৰশাসনক বিষয়টো অৱগত কৰি ৰাইজে সময় থাকোতে গুৰুত্ব আৰোপ কৰিবলৈ অনুৰোধ জনাইছে ৷