অসম

assam

ETV Bharat / state

২২.৩২ ছেকেণ্ডত অসমীয়া ব‍্যঞ্জন বৰ্ণ লিখি অভিলেখ সৃষ্টি ঋতুস্মিতা শইকীয়াৰ - ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ

অসমীয়া ভাষাৰ স্বৰ বৰ্ণ, ব‍্যঞ্জন বৰ্ণ...খোকোজা নলগাকৈ মাতিব অথবা শুদ্ধকৈ লিখিব পাৰিবনে আপুনি ? নে ইংৰাজীৰ বৰ্ণমালা মনত ৰাখিবলৈহে আপুনি অধিক সহজ বুলি ভাবে । অসমীয়া ভাষাৰ বৰ্ণমালাও সহজে মনত ৰাখিব পাৰি আৰু কম সময়তে লিখিব পাৰি । তাকেই প্ৰমাণ কৰিলে কলিয়াবৰৰ ঋতুস্মিতা শইকীয়াই । পেছাত শিক্ষয়িত্ৰী ঋতুস্মিতা শইকীয়াই অতি কম সময়তে অসমীয়া ভাষাৰ ৪১ টা ব্যঞ্জন বৰ্ণ লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(India Book of Records)ত সন্নিবিষ্ট কৰিলে নিজৰ নাম ।

Indiaa Books of Records on Assamese Alphabet Writings
২২.৩২ ছেকেণ্ডত অসমীয়া ব‍্যঞ্জন বৰ্ণ লিখি অভিলেখ সৃষ্টি ঋতুস্মিতা শইকীয়াৰ

By

Published : Aug 6, 2021, 7:54 PM IST

কলিয়াবৰ, ৬ আগষ্ট: অসমীয়া ভাষা যে এক সহজে আয়ত্ব কৰিব পৰা ভাষা সেয়া প্ৰমাণ কৰি দেখুৱালে নগাঁও জিলাৰ কলিয়াবৰৰ ঋতুস্মিতা শইকীয়াই । তেজপুৰত শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত ঋতুস্মিতা শইকীয়াই ২২.৩২ ছেকেণ্ডত অসমীয়া ব‍্যঞ্জন বৰ্ণ লিখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ(India Book of Records)ত নিজৰ অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

অসমীয়া ভাষা তথা বৰ্ণমালাক নৱ-প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰাৰ মানসেৰে কৰা এই অভিনৱ প্ৰচেষ্টা কৰে শিক্ষয়িত্ৰীগৰাকীয়ে ৷ তেওঁৰ কৰ্মক স্বীকৃতি দিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে । যি সময়ত বহু কণ কণ শিশু অথবা প্ৰাপ্তবয়স্কসকলেও একে উশাহতে ইংৰাজী বৰ্ণমালাৰ ২৬ টা আখৰ মাতিব পাৰে বা লিখিব পাৰে, সেই সময়ত অসমীয়া বৰ্ণমালাখন খোকোজা নলগাকৈ মাতিব পাৰে নে নাই সেয়া আমি ভাবিছো নে ?

ইংৰাজী ভাষাক অধিক গুৰুত্ব দিয়াৰ হেঁপাহত নিজৰ ভাষাটোকে আমি এলাগী কৰিছো নেকি বাৰু । একাংশ লোকৰ ওচৰত অসমীয়া ভাষাই সমাদৰ নাপালেও এতিয়াও বহু অসমীয়াই মাতৃভাষাক জীয়াই ৰখাৰ বাবে, সকলোকে অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা কৰি আছে । এনে এগৰাকী অসমীয়াই হৈছে কলিয়াবৰৰ ঋতুস্মিতা শইকীয়া । ঋতুস্মিতা শইকীয়াৰ অভিনৱ, প্ৰশংসনীয় কামে আপোনাৰ লগতে আপোনাৰ সন্তানকো অসমীয়া ভাষাৰ প্ৰতি আকৃষ্ট কৰিব পাৰে ।

২২.৩২ ছেকেণ্ডত অসমীয়া ব‍্যঞ্জন বৰ্ণ লিখি অভিলেখ সৃষ্টি ঋতুস্মিতা শইকীয়াৰ

বৰ্তমান অধিকাংশ লোকেই অসমীয়া স্বৰ বৰ্ণ আৰু ব্যঞ্জন বৰ্ণ লিখাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয় । সেই অসুবিধা দূৰ কৰিবলৈকে কম সময়তে অসমীয়া বৰ্ণমালা লিখাৰ অভ‍্যাস কৰিছিল ঋতুস্মিতাই ।

ছাত্ৰ-ছাত্ৰীসকলকো তেনে কৰিবলৈ প্ৰেৰণা যোগাই আহিছিল । সেই চেষ্টা এতিয়া সফল হ'ল । মাত্ৰ ২২.৩২ ছেকেণ্ডত অসমীয়া ব‍্যঞ্জন বৰ্ণ লিখি চমক দেখুৱালে ঋতুস্মিতাই ।

তেজপুৰ একাডেমীত কৰ্মৰত শিক্ষয়িত্ৰী ঋতুস্মিতা শইকীয়াৰ এই সফলতাই এতিয়া কলিয়াবৰবাসীক গৌৰৱান্বিত কৰিছে । বৰ্তমান সমগ্ৰ অসমতে অসমীয়া ভাষাৰ ব্যৱহাৰ তথা অসমীয়া মাধ্যমত সকলো লেখা-মেলাৰ কাম-কাজ কৰাৰ দাবী উত্থাপিত হৈ আহিছে । তেনে সময়ত অসমীয়া ব্যঞ্জন বৰ্ণক এক সুকীয়া মাত্ৰা প্ৰদান কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হোৱা শিক্ষয়িত্ৰীগৰাকীৰ এই প্ৰয়াসক সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক: কাৰ ভুলৰ বাবে প্ৰাণ হেৰুৱালে শক্তি বিভাগৰ অস্থায়ী কৰ্মচাৰী বিপুল নাথে ?

ABOUT THE AUTHOR

...view details