অসম

assam

By

Published : Aug 13, 2020, 9:47 PM IST

ETV Bharat / state

স্বাধীনতা দিৱসৰ বাবে পূৰ্ণ প্ৰস্তুতি কলিয়াবৰত

চৰকাৰী বাধ‍্য-বাধকতাৰ মাজেৰে ভাৰতৰ 74 সংখ‍্যক স্বাধীনতা দিৱস পালন কৰিবলৈ যো-জা চলাইছে কলিয়াবৰ মহকুমা প্ৰশাসনে । ইতিমধ‍্যে সাজু কৰি তোলা হৈছে কুঁৱৰীটোল গান্ধী খেল পথাৰ ।

Independent Day preparation at Kaliabor
Independent Day preparation at Kaliabor

কলিয়াবৰ, 13 আগষ্ট : সমাগত ভাৰতৰ স্বাধীনতা দিৱস। কৰ'নাৰ সংক্ৰমণৰ বাবে চৰকাৰী বাধ‍্য-বাধকতাৰ মাজেৰে ভাৰতৰ ৭4 সংখ‍্যক স্বাধীনতা দিৱস পালন কৰিবলৈ যো-জা চলাইছে কলিয়াবৰ মহকুমা প্ৰশাসনে । ইতিমধ‍্যে সাজু কৰি তোলা হৈছে কুঁৱৰীটোল গান্ধী খেল পথাৰ । আৰক্ষী, বনৰক্ষী জোৱান ব‍্যস্ত হৈ পৰিছে স্বাধীনতা দিৱসৰ পেৰেডৰ অনুশীলনত ।

আৰক্ষী, বনৰক্ষী জোৱান মাজতে এইবাৰ সীমাবদ্ধ থাকিব পেৰেড । কৰ'ণা সংক্ৰমণৰ সাৱধানতাৰ প্ৰতি লক্ষ‍্য ৰাখি চৰকাৰী বাধা আৰোপ থকাৰ বাবে এইবাৰৰ পেৰেডত বিদ‍্যালয়-মহাবিদ‍্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব নোৱাৰিব । ইয়াৰ লগতে সাংস্কৃতিক অনুষ্ঠানো বাতিল হোৱাত আকৰ্ষণ যথেষ্ট পৰিমাণে লোপ পাব ।

স্বাধীনতা দিৱসৰ বাবে পূৰ্ণ প্ৰস্তুতি কলিয়াবৰত

আনহাতে, স্বাধীনতা দিৱসৰ আমন্ত্ৰিত অতিথিৰ সংখ‍্যা কেৱল এশজন বুলি জনাইছে মহকুমা প্ৰশাসনে । দেশৰ ৭4 সংখ‍্যক স্বাধীনতা দিৱসৰ পৱিত্ৰ ক্ষণত বিশিষ্ট ব‍্যক্তিসকলক মহকুমা প্ৰশাসনে শ্ৰদ্ধাঞ্জলি জনাব ।

ক’ভিড বিজয়ী আৰু ক’ভিড প্ৰতিৰোধী বন্ধুক সম্বৰ্ধনা জনাব মহকুমা প্ৰশাসনে । ইতিমধ‍্যে, কলিয়াবৰ মহকুমা চৌহদত থকা গান্ধীৰ প্ৰতিমূৰ্তি, মুক্তি যুঁজাৰু স্মৃতি উদ‍্যান, হাটবৰৰ মূলাগাভৰৰুৰ প্ৰতিমূৰ্তি তথা জখলাবন্ধাত অৱস্থিত স্বাধীনতা আন্দোলনৰ প্ৰথম অসমীয়া মহিলা মুক্তিযুঁজাৰু প্ৰয়াত গুণেশ্বৰী দেৱীৰ আৱক্ষ মূৰ্তিৰ স্থান সজায় পৰায় তোলাৰ বাবে ব‍্যস্ত হৈ পৰিছে কলিয়াবৰ মহকুমা প্ৰশাসন।

লগতে পঢ়ক :অসমীয়া গহনা শিল্পৰ বাবে পৰিচিত এখন সত্ৰনগৰী

ABOUT THE AUTHOR

...view details