এমাহত ১০ টাকৈ চুৰি কাৰ্য কামপুৰত - Increasing number of rubbery cases in Nagaon
৭ টাকৈ তলা ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰ টকাৰ সামগ্ৰী ৷ চোৰৰ ঘাটিলৈ পৰিণত নগাঁও জিলাৰ কামপুৰ ৷
![এমাহত ১০ টাকৈ চুৰি কাৰ্য কামপুৰত](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4402441-thumbnail-3x2-theft.jpg)
এমাহত ১০ টাকৈ চুৰি কাৰ্য কামপুৰত
নগাঁও, 11 চেপ্তেম্বৰঃ মংগলবাৰে নিশা কামপুৰ পুৰণি বাছ আস্থানৰ ম'বাইল টেক নামৰ বিপনীখনত চোৰে চলালে চাফাই অভিযান ৷ ৭ টাকৈ তলা ভাঙি চোৰে লুটি নিলে ব্যৱসায় প্ৰতিষ্ঠান খনৰ বহু মূল্যবান সামগ্ৰী ৷ প্ৰাপ্ত তথ্য মতে, চোৰে লুটি নিয়া সামগ্ৰীখিনি মূল্য প্ৰায় ৫০ হাজাৰ টকা ৷ বৰ্তমান ঘটনাস্থলীত কামপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এমাহত প্ৰায় ১০ টাকৈ চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছত চিন্তিত হৈ পৰিছে কামপুৰৰ সাধাৰণ ৰাইজ ৷
এমাহত ১০ টাকৈ চুৰি কাৰ্য কামপুৰত