কলিয়াবৰ, 22 এপ্ৰিল :কলিয়াবৰত পুনৰ সাতজন আক্ৰান্ত হৈছে ক’ভিড -19 ত ৷ ইয়াৰ পিছতে কলিয়াবৰত ক’ভিড সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হৈ পালেগৈ ২৬ ৰ সংখ্যা ৷ ইফালে, কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ পাছতো মাস্ক নোহোৱাকৈয়ে ঘূৰি ফুৰিছে এচামে ৷
ধাৰাবাহিক ভাৱে বৃদ্ধি হোৱা ক’ভিডৰ ঘটনাই এতিয়াও গা লৰোৱা নাই একাংশৰ - প্ৰশাসন
কলিয়াবৰত ধাৰাবাহিকভাবে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্য়া ৷ কিন্তু কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সময়তো মাস্ক নোহোৱাকৈয়ে নিৰ্ভয়ে ওলাই-সোমাই ফুৰিছে এচাম অসচেতন লোকক ৷
ধাৰাবাহিকভাবে বৃদ্ধি হোৱা ক’ভিডৰ ঘটনাইয়ো গা লৰোৱা নাই একাংশৰ
কি স্কুলীয়া ছাত্ৰ-ছাত্ৰী, কি প্ৰাপ্ত বয়স্ক শিক্ষিত লোক, এওলোকৰ বহুতৰে মুখত নাই মাস্ক ৷ মাস্ক নোহোৱাকৈয়ে নিৰ্ভয়ে ওলাই-সোমাই ফুৰা এচাম অসচেতন লোকৰ বাবেই এতিয়া সৰ্বত্ৰে ভাঁহি আহিছে কৰ'ণা বিস্ফোৰণৰ এখন ভয়াৱহ ছবি । ইফালে, এতিয়া এইচাম অসচেতন লোকৰ বাবে প্ৰশাসন অথবা আৰক্ষীও হৈ পৰিছে উপায়হীন ৷
লগতে পঢ়ক :ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন