অসম

assam

ETV Bharat / state

ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি - state govt. covid rules followed nagaon

ৰাজ্যৰ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নীতি নিয়ম জাৰি কৰাৰ পিছতেই নগাঁৱত একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰিছে । এই সন্দৰ্ভত নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

নগাওঁত ক’ভিডৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অভিযোগ
নগাওঁত ক’ভিডৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ অভিযোগ

By

Published : Apr 24, 2021, 12:02 PM IST

নগাওঁ,24 এপ্ৰিল: সমগ্ৰ ৰাজ্যতে ক’ভিডৰ দ্বিতীয় ঢৌৱে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ প্ৰতিদিনে ক’ভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নীতি-নিয়ম জাৰি কৰে ৷ চৰকাৰৰ নিৰ্দেশ অনুসৰি নগাঁৱতো সন্ধিয়া 6 বজাৰ পৰা দোকান-পোহাৰ বন্ধ কৰে ৷ এই বন্ধৰ পূৰ্ণ সুযোগ একাংশ অসাধু ব্যৱসায়ীয়ে গ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

ক’ভিডৰ সুযোগ লৈ নগাঁৱত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি

সন্ধিয়া ৬ বজাৰ পৰা পুৱা পৰ্যন্ত বজাৰ, দোকান বন্ধৰ নিৰ্দেশ দিয়াৰ পিছতেই একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ অভিযোগ কৰিছে ৰাইজে ৷ কিন্তু এইক্ষেত্ৰত নগাঁৱৰ যোগান বিভাগে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰাৰ অভিযোগ উত্থাপন হৈছে । বজাৰৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ দাবীত নগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক : ধেমাজিত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি

ABOUT THE AUTHOR

...view details