অসম

assam

ETV Bharat / state

Covid cases increase in Kaliabor : মহকুমাধিপতিৰ কাৰ্যালয়ৰ 4 কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত - covid cases increase in Kaliabor

কলিয়াবৰত বৰ্ধিত হাৰত কৰ’ণা ৰোগীৰ সংখ্যা (covid cases increase in Kaliabor) ৷ মহকুমাধিপতিৰ কাৰ্যালয়ৰ 4 কৰ্মচাৰী কৰ’ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে এগৰাকী দণ্ডাধীশেও আক্ৰান্ত হৈছে ভাইৰাছবিধত ৷

Increase Covid 19 cases at Kaliabor in last few days
কলিয়াবৰত বৰ্ধিত হাৰত কৰ’ণা ৰোগীৰ সংখ্যা

By

Published : Jan 20, 2022, 6:03 PM IST

কলিয়াবৰ,20 জানুৱাৰী : কৰ’ণাৰ তৃতীয় ঢৌ অ’মিক্ৰণৰ প্ৰবাহে বাৰুকৈয়ে কোবাইছে ৰাজ্যক ৷ যাৰ বাবে সম্প্ৰতি ৰাজ্যৰ বিদ্যালয়সমূহ 30 জানুৱাৰীলৈকে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (All physical classes in Assam will remain closed till January 30) ৷ দৈনিক ব্যাপক হাৰত বৃদ্ধি পাইছে ৰাজ্যৰ কৰ’ণা আক্ৰান্তৰ সংখ্যা ৷

প্ৰায় 8 খন জিলাৰ কৰ’ণা পৰিস্থিতি শোচনীয় হোৱা বুলি সদৰী কৰিছে স্বাস্থ্য বিভাগে ৷ এই 8 খন জিলাৰ ভিতৰত আছে নগাঁও জিলাও ৷ নগাঁৱৰ কলিয়াবৰ মহকুমাত ব্যাপক হাৰত কৰ’ণা ৰোগীৰ সংখ্যা বাঢ়িবলৈ ধৰিছে (covid cases increase in Kaliabor) ৷

কৰ’ণাৰ সংক্ৰমণ ৰোধৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে ৷ তাৰপিছতো কিন্তু সংক্ৰমণৰ হাৰ হ্ৰাস নোপোৱাত স্বাভাৱিকতে চিন্তাত পৰিছে সাধাৰণ ৰাইজ ৷ শেহতীয়াকৈ দলগাঁৱৰ এগৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰাৰ পিছতে এই আতংক অধিক পৰিমাণে গা কৰি উঠিছে সাধাৰণ ৰাইজৰ মাজত ৷

মহকুমাটোত চেনিটাইজেছনৰ ব্যৱস্থা

ইতিমধ্যে মহকুমাধিপতিৰ কাৰ্যালয়ৰ কেইবাজনো বিষয়া-কৰ্মচাৰী ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সেয়েহে কাৰ্যালয়টোত চেনিটাইজেছনৰ ব্যৱস্থা কৰিছে মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে ৷ ইয়াৰ সমান্তৰালকৈ আন আন চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়ত চেনিটাইজ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে মহকুমাধিপতি গৰাকীয়ে ৷ জনসাধাৰণকো সকলো প্ৰকাৰৰ ক’ভিড বিধি মানি চলিবলৈ নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷

এই পৰ্যন্ত স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, কলিয়াবৰত কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ সংখ্যা ৭১ গৰাকীলৈ বৃদ্ধি পাইছে ৷ বুধবাৰৰ দিনটোতেই ২০ গৰাকীৰো অধিক ব্যক্তিৰ দেহত ক'ভিড 19 ৰ অৱস্থিতি ধৰা পৰিছে ৷ এই পৰ্যন্ত জখলাবন্ধা গ্ৰাম্য চিকিৎসালয়ৰ অন্তৰ্গত শিলঘাট, কুঠৰী, বাগৰি, জগদম্বা, আমগুৰিৰ লগতে কেলিডেন চাহ বাগিচাত ৩৮ গৰাকী ব্যক্তি ভাইৰাছবিধত আক্ৰান্ত হৈছে ৷

চিমনাবস্তিৰ ৰাজ্যিক চিকিৎসালয়ৰ অন্তৰ্গত কুঁৱৰীটোল, নলতলি, পানীগাঁও, শাগমুঠিয়া, দীঘলী, মিছা আৰু উলুৱনীত ৩৩ গৰাকী ক'ভিড ৰোগী চিনাক্ত হৈছে ৷ তদুপৰি মহকুমাধিপতিৰ কাৰ্যালয়ত এই পৰ্যন্ত ৮ গৰাকী কৰ্মচাৰী আৰু এগৰাকী দণ্ডাধীশ আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছত ৷

লগতে চাওক:Coronavirus: ক'ভিডমুক্ত হ'ল আই পি এচ আনন্দ মিশ্ৰ

ABOUT THE AUTHOR

...view details