নগাঁও,2জুলাইঃবুধবাৰে নিশা নগাঁৱৰ ৰাইদঙীয়াত উত্তপ্ত পৰিস্থিতি ৷ হোম কোৱাৰেন্টাইনত থকা লোকক আৰক্ষীয়ে মাৰপিট কৰাৰ অভিযোগ ৷ নিশা হোম কোৱাৰেণ্টাইনত থকা ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰি হয়বৰগাঁও আৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
হোম কোৱাৰেন্টাইনত থকা লোকক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ গাঁওবাসীৰ অভিযোগ, হয়বৰগাঁও আৰক্ষীয়ে লগত লৈ আহিছিল কেইজনমান উদণ্ড যুৱকক । ঘটনাটোত ক্ষতিগ্ৰস্ত বহুকেইখন আৰক্ষীৰ বাহন ৷
আচল ঘটনাটো এনেধৰণৰ ৷ নগাঁৱৰ হুজ ৰঙাগড়া গাঁৱৰ এগৰাকী নাবালিকা কিশোৰীক কেইদিন মান পূৰ্বে পলুৱাই আনিছিল ৰাইদঙীয়াৰ দীপ দাস নামৰ এজন যুৱকে । নাবালিকা কিশোৰী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হয়বৰগাঁও আৰক্ষীয়ে ৰাইদঙীয়াৰ পৰা উদ্ধাৰ কৰি চমজাই দিছিল কিশোৰী গৰাকীৰ পৰিয়ালক। কিন্তু কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাত কৰ'ণা পজিটিভ ধৰা পৰে। তেতিয়া স্বাস্থ্য বিভাগে কিশোৰী গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰায় । নাবালিকা গৰাকীৰ সংস্পর্শলৈ অহা হয়বৰগাঁও আৰক্ষী থানাৰ ১১ জনকৈ আৰক্ষী আৰু দীপ দাসৰ পৰিয়ালক হোম কোৱাৰেণ্টাইন কৰা হয় ৷ ছদিন পিছত নাবালিকা গৰাকী কৰ'ণা মুক্ত হোৱাত পুনৰ কিশোৰী গৰাকীক হোম কোৱাৰেণ্টাইন হ'বলৈ দিছিল । নাবালিকা গৰাকী চিকিৎসালয়ৰ পৰা পিতৃগৃহলৈ নগৈ ৰাইদঙীয়াস্থিত দীপ দাসৰ ঘৰলৈ পুনৰ ঘূৰি আহে । তাৰ পিছতেই বুধবাৰে নিশা হোম কোৱাৰেণ্টাইনত থকা অৱস্থাত কিশোৰীগৰাকীক নিজ গৃহলৈ নিবলৈ আহে হয়বৰগাঁও আৰক্ষী ৷ আৰক্ষীয়ে দীপ দাসৰ পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰি এনেদৰে মাৰ পিট কৰাৰ অভিযোগ উঠে ৷ অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে নস্যাৎ কৰে মাৰপিটৰ অভিযোগ ৷
কোৱাৰেন্টাইনত থকা অৱস্থাত এইদৰে মানুহৰ সমাগম ঘটি এইধৰণৰ হুলস্থূলীয়া পৰিৱেশ সৃষ্টি হোৱাতো কিমান দূৰ গ্ৰহণযোগ্য ৷ এইক্ষেত্ৰত সন্দেহজনক হৈ পৰিছে আৰক্ষীৰ ভূমিকাও ৷
লগতে পঢ়কঃশিক্ষয়িত্ৰীৰ হাতৰ পৰা ম'বাইল কাঢ়ি এজনৰ বিলৈ...