নগাঁও, 27 ছেপ্টেম্বৰ :সোমবাৰে সন্ধিয়া নগাঁৱৰ পানীগাঁও চাৰিআলিত একেলগে দেখা গ’ল অসমৰ চাৰি তাৰকাক । যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ, অভিনেতা যতীন বৰা, এথলীট হিমা দাস, কলংপৰীয়া বিহুৱা শিল্পী কৃষ্ণমণি নাথে (Artist Krishnamani Nath) নগাঁৱৰ পানীগাঁও চাৰিআলিত এখন অত্যাধুনিক হোটেলৰ শুভ উদ্বোধন কৰে ৷ এই হোটেল উদ্বোধনী অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে অসমৰ চাৰি তাৰকাই ।
নগাঁৱৰ প্ৰতিষ্ঠিত ব্যৱসায়ী প্ৰতিষ্ঠান ৰুমী ৰূপকৰ নতুন এখন অত্যাধুনিক হোটেল উদ্বোধন (Inauguration of ultramodern hotel in Nagaon) কৰিবলৈ উপস্থিত হয় জুবিন, যতীন, হিমা আৰু কৃষ্ণমণি । ক’ভিড সৃষ্ট পৰিৱেশৰ পিছত পুনৰ অসমীয়া ছবি নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গে (Heart throb Zubin Garg) ।
অহা জানুৱাৰী মাহৰ শেষৰ পৰা নতুন ছবিৰ কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰে শিল্পীগৰাকীয়ে ।