অসম

assam

ETV Bharat / state

নগাঁৱত চিত্ৰহাৰৰ নামত অবাধ বেহাই নষ্ট কৰিছে সামাজিক পৰিৱেশ

নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পশ্চিমাঞ্চলত একাংশ অসাধু চক্ৰই অব্যাহত ৰাখিছে অসামাজিক কাম-কাজ । দিনক দিনে বৃদ্ধি পাই অহা অপৰাধজনিত ঘটনাত সাৰ-পানী জগোৱা এই দুষ্টচক্ৰক লৈ নীৰৱ আৰক্ষী প্ৰশাসন !!

By

Published : Apr 3, 2019, 2:20 PM IST

চিত্ৰহাৰৰ নামত অবাধ বেহা

নগাঁও, 3 এপ্ৰিলঃ বিগত বৰ্ষত নগাঁও জিলাৰ বলিকটীয়াত জুৱাৰীৰ গুলিত নিহত হৈছিল এগৰাকী সৎ আৰক্ষী কনিষ্টবল। জিলাখনত অবৈধ জুৱাৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ এইদৰে মৃত্যুক সাৱতি লৈছিল কনিষ্টবল অনিল দাসে । তেনে ঘটনাৰ এবছৰ হৈ গ'ল যদিও এতিয়ালৈকে সজাগ নহ'ল নগাঁও আৰক্ষী ।তেনে ঘটনাপুনৰাবৃত্তি হোৱাৰ আংশকাই দেখা দিছেজিলাখনৰ পশ্চিমাঞ্চলত।গাঁওবাসীৰ সৰলতাৰ সুযোগ লৈ একাংশ সমাজবিৰোধী চক্ৰই অঞ্চলটোত অব্যাহত ৰাখিছে সমাজবিৰোধী কাৰ্য্যকলাপ ।

চিত্ৰহাৰৰ নামত অবাধ বেহা

জিলাখনৰ ধিং সমষ্টিৰ ১নং বৰালিমাৰিত প্ৰশাসনৰ চকুৰ সন্মুখতেইঅব্যাহত আছে অসামাজিক কাৰ্যকলাপ । উচ্চস্তৰৰ উদ্দাম সংগীতৰ তালত অৰ্ধ উলংগ হৈ নৃত্য কৰিছে একাংশ মহিলা তথা যুৱতীয়ে । একাংশই চিত্ৰহাৰ নাম দি চলাই থকা ঘটনাস্থলীৰকাষতে অব্য়াহত ৰাখিছেজুৱাৰ মুকলি বেহা । ধিঙৰ এক অসাধু চক্ৰৰ ছত্ৰছায়াত চলি থকাঅশ্লীল নৃত্য আৰু জুৱাৰ মুকলি বেহাৰ ফলত অতিষ্ঠ হৈছে সাধাৰণ ৰাইজ ।

ধিঙৰ সচেতন ৰাইজ তথা বিভিন্ন দল সংগঠনে আৰক্ষী প্ৰশাসনক এই বিষয়ে বহুবাৰ জনোৱাৰ পাছটো স্থানীয় আৰক্ষীয়ে এই বিষয়ে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল । আনহাতে এই অসাধু চক্ৰৰ কৱলত পৰি ধ্বংস হৈছে অঞ্চলটোৰ বহু লোক তথা স্কুল-কলেজৰ শিক্ষাৰ্থী । বিগত বৰ্ষত তেনে এক চক্ৰৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিল অনিল নাথ নামৰ আৰক্ষী কনিষ্টবলগৰাকীয়ে । কিন্তু ইমানৰ পিচটো এতিয়ালৈকে সচেতন নহ'ল আৰক্ষী তথা জিলা প্ৰশাসন ।

ABOUT THE AUTHOR

...view details