অসম

assam

ETV Bharat / state

মিঠাতেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে সংকটত মৃৎ শিল্পী

মিঠাতেলৰ বৰ্ধিত মূল্যই এতিয়া বিপাঙত পেলাইছে সাধাৰণ লোকক । মূল্যবৃদ্ধিয়ে প্ৰভাৱিত কৰিছে মৃৎ শিল্পকো । এফালে, মিঠাতেলৰ মূল্য বাঢ়িছে, আনফালে দীপাৱলীও সমাগত । মানুহে মাটি চাকি ক্ৰয় কৰিবনে নাই তাক লৈ চিন্তিত হৈ পৰিছে মৃৎ শিল্পীসকল ।

By

Published : Oct 28, 2021, 4:57 PM IST

Imact of price hike on Pottery artist
মিঠাতেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে সংকটত মৃৎ শিল্পী

চামগুৰি, ২৮ অক্টোবৰ: সমাগত পোহৰৰ উৎসৱ দীপাৱলী । চাকিৰ পোহৰেৰে আলোকিত হ'ব চৌদিশ । বজাৰত উপলব্ধ হৈছে জাকজমকীয়া লাইট । সমান্তৰালকৈ মৃৎ শিল্পীসকলেও অতি হেঁপাহেৰে প্ৰস্তুত কৰিছে মাটিৰ চাকি । বিভিন্ন আকাৰৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে মৃন্ময় শিল্পীসকল ।

মিঠাতেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ বাবে সংকটত মৃৎ শিল্পী

ক'ভিড-১৯ৰ সংক্ৰমণৰ বাবে ব্যৱসায়ত বহু লোকচানৰ সন্মুখীন হোৱাৰ পাচত পুনৰ এতিয়া পৰিস্থিতি উন্নীত হোৱাত মৃৎ শিল্পীসকলে মাটিৰ চাকি প্ৰস্তুত কৰিছে । কিন্তু তেওঁলোকৰ মনৰ পৰা এতিয়াও শংকা দূৰ হোৱা নাই । কিয়নো, শেহতীয়াকৈ মিঠাতেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে আন লোকসকলৰ লগতে তেওঁলোকৰ ব্যৱসায়তো প্ৰভাৱ পেলাইছে । তেওঁলোকে দীপাৱলীৰ বাবে বিভিন্ন আকাৰৰ, আৰ্হিৰ চাকি নিৰ্মাণ কৰিছে ঠিকেই পিছে, গ্ৰাহকে ক্ৰয় কৰিব নে নাই তাকে লৈ চিন্তিত হৈ পৰিছে ।

ৰাজ্যৰ আন আন ঠাইৰ দৰে চামগুৰিৰ কনুৱামাৰীৰ মৃৎ শিল্পীসকলেও একে চিন্তাকে ব্যক্ত কৰিছে । ৰাইজে বৰ্ধিত দৰত মিঠাতেল ক্ৰয় কৰি এইবাৰ মাটিৰ চাকি পূৰ্বৰ দৰে নজ্বলাব বুলি তেওঁলোকে অনিশ্চয়তাত ভুগিছে । ৰাজ্যৰ আন আন ঠাইৰ দৰে চামগুৰি কনুৱামাৰীৰ মৃৎশিল্পী সকলেও মাটি চাকি তৈয়াৰ কৰাৰ সকলো কষ্ট অথবা বিনিয়োগ কৰা সমুদায় ধন লোকচান হোৱাৰ আশংকাত এতিয়া দিন কটাইছে । মৃৎ শিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা গাঁওখনৰ প্ৰায় ৪০টাকৈ কুমাৰৰ পৰিয়ালৰ এতিয়া একে অৱস্থা ।

পূৰ্বে দীপাৱলীৰ প্ৰাকমূহুৰ্তত প্ৰতিটো পৰিয়ালে প্ৰায় ৫০-৬০ হাজাৰ চাকি তৈয়াৰ কৰি নগাঁও, শোণিতপুৰ, মৰিগাঁও, হোজাইৰ বিভিন্ন ঠাইলৈ যোগান ধৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ মাত্ৰ ২০-২৫ হাজাৰ মাটি চাকি তৈয়াৰ কৰিয়ে ক্ষান্ত থাকিবলৈ বাধ্য হৈছে কুমাৰৰ পৰিয়ালসমূহ । ক'ভিডৰ পিছত মিঠাতেলৰ মূল্যবৃদ্ধিয়ে বাৰুকৈয়ে প্ৰভাৱিত কৰা মৃৎশিল্পীসকলে উৎসৱৰ বতৰত মিঠাতেলৰ মূল্য হ্ৰাস কৰি তেওঁলোকক পূৰ্বৰ দৰে মাটি চাকি বিক্ৰী কৰিব পৰা সুযোগ দিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰক কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :ধাৰ কৰা ধনেৰে ঘিউ-মৌ কিমান দিনলৈ !

ABOUT THE AUTHOR

...view details