নগাঁও, 5 ফেব্ৰুৱাৰী :শুকুৰবাৰে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়ে এক বৃহৎ অভিযান সম্পন্ন কৰে ৷ এক গোপন খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ নগৰ শাখাই অভিযান চলাই নগাঁও চহৰৰ চকীটোপ অঞ্চলত ৷
নগাঁৱত আৰক্ষীৰ অভিযানত নিচাজাতীয় সামগ্ৰী জব্দ - নগাঁও আৰক্ষী
নগাঁও আৰক্ষীৰ সফলতা ৷ গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী ৷
![নগাঁৱত আৰক্ষীৰ অভিযানত নিচাজাতীয় সামগ্ৰী জব্দ illigal-drugs-sized-in-nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10512227-862-10512227-1612526836205.jpg)
নগাঁৱত আৰক্ষীৰ অভিযানত নিচাজাতীয় সামগ্ৰী জব্দ
আৰক্ষী বিষয়াৰ মন্তব্য
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই অহা চকীটোপৰ দেৱ দেৱনাথ নামৰ লোকজনৰ ঘৰত আৰক্ষীৰ দলটোৱে অভিযান চলাই বুজন পৰিমাণৰ নিচাজাতীয় ঔষধ জব্দ কৰিবলৈ সক্ষম হয় । দেৱ দেৱনাথ নামৰ লোকজনৰ ঘৰৰ পৰা 9 কাৰ্টুন নিচাজাতীয় ঔষধ জব্দ কৰে আৰক্ষীৰ দলটোৱে । অভিযুক্ত দেৱ দেৱনাথক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।
লগতে পঢ়ক :চ্যুকীক তাৎক্ষণিকভাৱে মুকলি কৰি দিয়াৰ আহ্বান নিৰাপত্তা পৰিষদৰ