কলিয়াবৰ, 5 জুলাই :সুৰা (Liquor),ড্ৰাগছ (Drugs) তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী (Assam Police)য়ে ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে অভিযান ৷ যাৰ বাবে প্ৰতিদিনে আৰক্ষী (Police)ৰ কবলত পৰিছে সুৰা (Liquor), ড্ৰাগছ (Drugs), গাঞ্জা (Ganja) আদি নিচাজাতীয় সামগ্ৰীৰ লগতে বহুকেইজন সৰবৰাহকাৰী (Smuggler) ৷ কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰুৱাই অবৈধ নিচাযুক্ত মাদক দ্ৰব্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।
কলিয়াবৰ আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত বিষয়া (Kaliabor Police Station Office Incharge) ৰাজীৱ বৰুৱাই জিলাখনৰ বিভিন্ন অঞ্চলত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ অভিযানৰ সময়ত আৰক্ষীৰ দলে অবৈধ প্ৰায় 40 টা বিলাতী সুৰাৰ বটলৰ লগতে 500 লিটাৰ চুলাই জব্দ কৰে ৷ কলিয়াবৰ আৰক্ষীয়ে ঘটনাৰ লগতে জড়িত থকাৰ অভিযোগত এজন সৰবৰাহকাৰী (Smuggler)ক আটক কৰে ৷ উল্লেখ্য যে, কৰ'ণা (Covid 19)ৰ ভয়াৱহ সংক্ৰমণৰ সময়তো একাংশ জড়িত হৈ আছে অসামাজিক কাৰ্য-কলাপত ।