অসম

assam

ETV Bharat / state

চামগুৰিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ - শালনা বনাঞ্চলিক কাৰ্যালয়

চামগুৰিৰ ভগামুৰ অঞ্চলত অবৈধ চোৰাং কাঠ মিল উচ্ছেদৰ বাবে চলোৱা অভিযান সময়ত বন বিভাগে লুকুৱাই থোৱা চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

Illegial Wood Recover at nagaon
চামগুৰিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : May 27, 2021, 10:41 PM IST

নগাঁও, 27 মে’ :নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চামগুৰিৰ বঢ়মাৰ ভগামুৰত বৃহস্পতিবাৰে বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে । বন বিভাগে এক গোপন সূত্ৰৰ ভিত্তি চামগুৰিৰ ভগামুৰ অঞ্চলত অবৈধ চোৰাং কাঠ মিল উচ্ছেদৰ বাবে চলোৱা অভিযান সময়ত লুকুৱাই থোৱা চোৰাং কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে চোৰাং কাঠ মিলৰ স্বত্বাধিকাৰীজনে বন বিভাগৰ চকুত ধূলি দি পলায়ন কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details