অসম

assam

ETV Bharat / state

বলপূৰ্বক ৰাজহুৱা বিল দখলত নামিছে ছাত্ৰ নেতা - wetland

বলপূৰ্বকভাৱে ৰাজহুৱা বিল দখলৰ অভিযোগ অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ বিৰুদ্ধে ৷ বিলৰ পাৰত উপস্থিত হৈ ৰুবুল দাসক সকিয়নি দিলে গুইমাৰীৰ ক্ষোভিত ৰাইজে ৷

allegation of against student leader
allegation of against student leader

By

Published : Jul 15, 2020, 11:18 AM IST

বঢ়মপুৰ, 15 জুলাই : কামপুৰ গুইমাৰীত এখন ৰাজহুৱা বিলক লৈ টনা-আঁজোৰা ৷ বলপূৰ্বকভাৱে ৰাজহুৱা বিল দখল কৰিবলৈ নামি পৰিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ লগতে কেইবাজনো ৷ দীৰ্ঘ দিনৰ পৰা গুইমাৰীৰ ৰাইজৰ লগতে জনজাতীয় লোক সকলে বিল খনত মাছ ধৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল ৷ কিন্তু হঠাৎ বিলখনত পুখুৰী খান্দি নিজৰ দখললৈ আনি বিলখন আত্মসাৎ কৰাৰ বাবে উঠি পৰি লগাৰ অভিযোগ ৰুবুল দাসৰ বিৰুদ্ধে ৷ যাৰ বাবে বিলৰ পাৰত উপস্থিত হৈ ৰুবুল দাসক সকিয়নি দিলে ক্ষোভিত ৰাইজে ৷

গুইমাৰী বিলৰ পাৰত ৰাইজৰ প্ৰতিবাদ

জানিব পৰা মতে, বগলাজান গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ গুইমাৰী বিল খনত বিগত বহু বছৰ ধৰি মৎস্য চিকাৰ কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছিল গুইমাৰী গাঁৱৰ ৰাইজৰ লগতে জনজাতীয় লোক সকলে ৷ কিন্তু হঠাৎ বিলখনত চকু পৰিল একাংশ দুস্কৃতিকাৰীৰ ৷ বিলখনত চক্ৰান্ত কৰি পুখুৰী খান্দি নিজৰ দখললৈ আনি বিলখন আত্মসাৎ কৰাৰ বাবে উঠি পৰি লাগিছে অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ লগতে একাংশ লোক ৷

বলপূৰ্বক ৰাজহুৱা বিল দখলত নামিছে ছাত্ৰ নেতা

যাৰ বাবে বিল খনৰ পাৰত উপস্থিত হৈ ৰুদ্ৰ মূৰ্তি ধাৰণ কৰিলে গুইমাৰী গাঁৱৰ কেইবা শতাধিক জনজাতীয় পুৰুষ-মহিলাই ৷ বিলৰ পাৰতে দিলে ৰুবুল দাস মূৰ্দাবাদ ধ্বনি ৷ অনাগত দিনত যাতে বিলখনত কোনেও কু-দৃষ্টি নিদিয়ে তাৰ বাবে বিলৰ পাৰৰ পৰাই সকিয়াই দিয়ে জনজাতীয় লোক সকলে ৷

লগতে পঢ়ক :কাজিৰঙাৰ সোণালী বাঘক লৈ নতুন বিতৰ্ক !

ABOUT THE AUTHOR

...view details