নগাঁৱত কার্টুনে কার্টুনে অবৈধ সুৰা জব্দ - আমতলা
নগাঁৱৰ আমতলা ,চিলঙনি আদি অঞ্চলত আৰক্ষীৰ অভিযান। অভিযানত জব্দ কার্টুনে কার্টুনে জব্দ বিভিন্ন ব্ৰেণ্ডৰ সুৰা
![নগাঁৱত কার্টুনে কার্টুনে অবৈধ সুৰা জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4341718-thumbnail-3x2-asdjkfhsdaf.jpg)
নগাঁও, 5 ছেপ্তেম্বৰ : নগাঁৱত অবৈধ সুৰাৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান ৷ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰাৰ বটল। লগতে আটক কৰে ছয়জনকৈ লোকক । নগাঁও জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায় মেধিৰ নিৰ্দেশত প্ৰতিটো থানাৰ আৰক্ষীয়েই চলালে সুৰা বিৰোধী অভিযান। নগাঁৱৰ মৰিকলঙত অভিযান চলিল নগাওঁ নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ মহন্তৰ নেতৃত্বত । সমান্তৰালকৈ নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শৈলেন দেউৰীৰ নেতৃত্বতো চহৰখনৰ বিভিন্ন স্থানত একেই অভিযান। অভিযানত জব্দ কৰে কার্টুনে কার্টুনে জব্দ বিভিন্ন ব্ৰেণ্ডৰ সুৰা। নগাঁৱৰ আমতলা ,চিলঙনি আদি অঞ্চলত চলায় অভিযান।