অসম

assam

ETV Bharat / state

কঠিয়াতলীৰ নেপালী খুঁটিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ - Illegal Wood Seized

মঙলবাৰে কঠিয়াতলীৰ নেপালী খুঁটিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ । জব্দকৃত কাঠখিনিৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা ।

Illegal Wood Seized In Kathiatoli
কঠিয়াতলীৰ নেপালী খুঁটিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

By

Published : May 6, 2020, 1:28 PM IST

বঢ়মপুৰ,6 মে'ঃমঙলবাৰে নিশা কঠিয়াতলীৰ নেপালী খুঁটিত অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বনবিভাগে । কাৰ্বি আংলং পাহাৰৰ পৰা কাঠখিনি আনি মজুত কৰি ৰাখিছিল হৰেন বৰা নামৰ লোক এজনে । স্থানীয় লোকৰ খবৰৰ ভিত্তিত বন বিভাগে হৰেন বৰাৰ ঘৰৰ সমীপৰ পৰা কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।

কঠিয়াতলীৰ নেপালী খুঁটিত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

ইফালে বনবিভাগৰ লোক উপস্থিত হোৱাত ঘটনাস্থলীৰ পৰা পলায়ন কৰে হৰেন বৰা । বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি জব্দকৃত চোৰাং কাঠখিনিৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা ৷

ABOUT THE AUTHOR

...view details