ৰহাত জব্দ চোৰাং শাল কাঠ - ইটিভি ভাৰত অসম
দেওবাৰে নিশা ৰহাৰ দীঘলীয়াটিত বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি ৷ বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, গোপন খবৰৰ ভিত্তিতে ধৰমতুল ৰেঞ্জৰ বন বিষয়া সঞ্জীৱ বৰদলৈৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰিবলৈ সক্ষম হয় কাঠখিনি ৷
নগাঁও, 6 মে': ৰহাত বন বিভাগৰ অভিযানত জব্দ প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ চোৰাং শাল কাঠ । দেওবাৰে নিশা ৰহাৰ দীঘলীয়াটিত বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি ৷ বন বিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি, গোপন খবৰৰ ভিত্তিতে ধৰমতুল ৰেঞ্জৰ বন বিষয়া সঞ্জীৱ বৰদলৈৰ নেতৃত্বত যোৱা এটি দলে জব্দ কৰিবলৈ সক্ষম হয় কাঠখিনি ৷ ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে চোৰাং ভাৱে চাইকেলৰে সৰবৰাহ কৰি থকা অৱস্থাত জব্দ কৰে দলটিয়ে । চোৰাংকৈ সৰবৰাহ কৰি থকা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা বুলি জানিবলৈ দিয়ে বন বিভাগে । আনহাতে,চোৰাং কাঠখিনিৰ সৈতে কাঠ সৰবৰাহকাৰীৰ পৰা ৫ খন চাইকেলো জব্দ কৰে বন বিভাগে ।