ৰহা, 8 এপ্ৰিলঃ সোমবাৰে ৰহাৰ সৰিয়হতলীৰ কপিলী পাৰত বন বিভাগে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ প্ৰায় 50 হাজাৰ টকা মূল্যৰ শাল আৰু চেগুন কাঠখিনি ধৰমতুল ৰেঞ্জৰ বন বিভাগৰ কৰ্মীসকলে উদ্ধাৰ কৰে ৷ কোনো চোৰাং বেপাৰীয়ে এই কাঠখিনি সেই ঠাইত লুকুৱাই থোৱা বুলি সন্দেহ কৰা হৈছে ৷ এই ঘটনাৰ লগত প্ৰহ্লাদ নাথ নামৰ এটা চোৰাং বেপাৰী জড়িত থকা বুলি সন্দেহ কৰিছে বন বিভাগে ৷
ৰহাত 50 হাজাৰ টকা মূল্যৰ চোৰাং শাল আৰু চেগুন কাঠ জব্দ - বন বিভাগ
সোমবাৰে ৰহাৰ সৰিয়হতলীৰ কপিলী পাৰত প্ৰায় 50 হাজাৰ টকা মূল্যৰ শাল আৰু চেগুন কাঠ বন বিভাগে উদ্ধাৰ কৰে ৷ এই ঘটনাৰ লগত প্ৰহ্লাদ নাথ নামৰ এটা চোৰাং বেপাৰী জড়িত থকা বুলি সন্দেহ কৰিছে বন বিভাগে
ILLEGAL WOOD LOGS SEIZED AT RAHA
উল্লেখ্য যে, পূৰ্বেও বহুবাৰ এই ঠাইতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিছিল বন বিভাগে ৷ শেহতীয়াকৈ আমচৈ বনাঞ্চল তহিলং কৰা কেইবাটাও চোৰাং বেপাৰীয়ে ধৰমতুলৰ ৰেঞ্জাৰ সঞ্জীৱ বৰদলৈৰ ওচৰত আত্মসমৰ্পন কৰিছে যদিও একাংশই এতিয়াও এই ৰমৰমীয়া কাঠৰ ব্যৱসায় চলাই আছে ৷