নগাঁও,15 জুন : জুৰীয়াত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান ৷ তিনিটাকৈ মিলৰ লগতে কেইবা লক্ষাধিক টকাৰ কাঠ জব্দ ৷
জুৰীয়াত অবৈধ কাঠফলা মিল জব্দ - নগাঁও
বন বিষয়া জয়ন্ত কুমাৰ গোস্বমীৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় তিনিটাকৈ অবৈধ কাঠফলা মিল ৷

জুৰীয়াত অবৈধ কাঠফলা মিল জব্দ
জুৰীয়াত অবৈধ কাঠফলা মিল জব্দ
নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াত জুৰীয়া বন বিভাগ , নগাঁও আৰক্ষী আৰু চি আৰ পি এফে অভিযান চলাই লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্ববৰ্তী মাহেৰীপাৰ,কছাৰীগাঁও আৰু আধাখুন্দাত জব্দ কৰে অবৈধ কাঠফলা মিল ৷ বন বিষয়া জয়ন্ত কুমাৰ গোস্বমীৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় তিনিটাকৈ অবৈধ কাঠফলা মিল ৷ ইয়াৰ উপৰিও অভিযানত কাঠফলা কামত ব্যৱহৃত যন্ত্ৰপাতিৰ লগতে জব্দ কৰা হয় কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ ৷