নগাঁও, 1 এপ্ৰিল: নগাঁৱৰ ধিং আৰক্ষীৰ বৃহৎ সফলতা (Dhing police investigation) ৷ শনিবাৰে ধিঙৰ বেচামাৰীত এজন লোকৰ ঘৰত অভিযান চলাই অবৈধ মাৰণাস্ত্ৰ জব্দ কৰে আৰক্ষীয়ে (Illegal weapon seized)। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱ জিলাৰ ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰ্শ্বাদৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা ধিঙৰ বেচামাৰীৰ গেৰেকণি গাঁৱত অভিযান চলায় (Dhing Illegal weapon seized)৷
আমিৰ হুছেইন নামৰ লোকজনৰ বাসগৃহত চলোৱা এই অভিযানত আৰক্ষীৰ দলটোৱে অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লগতে আৰক্ষীয়ে আমিৰ হুছেইনৰ ঘৰৰ পৰা মাৰণাস্ত্ৰৰ লগতে দুই জাঁই সজীৱ গুলী জব্দ কৰে ।
আৰক্ষীয়ে ইতিমধ্যে আমিৰ হুছেইনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে (one person detained) ৷ ধৃত আমিৰ হুছেইনে অবৈধ মাৰণাস্ত্ৰ কি কাৰণ ৰাখিছিল সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই। অৱশ্যে ধিং আৰক্ষীয়ে এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক:Child Abuse at School: বিদ্যালয়ত কণমানি ছাত্রীক শিক্ষয়িত্ৰীয়ে আতিশয্য চলোৱাৰ অভিযোগ