কলিয়াবৰ, 30 আগষ্ট: ৰাজ্যৰ ভিন্ন প্ৰান্তত বনজ সম্পদ লুণ্ঠনৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ বিষয়ে অভিযোগ উত্থাপন হৈ আহিছে ৷ অভিযোগ অনুসৰি কলিয়াভোমোৰা দলঙেৰে শোণিতপুৰ জিলাৰ পৰা অবৈধভাৱে নিতৌ শিল-বালি সৰবৰাহ হৈ আহিছে যদিও, এই ক্ষেত্ৰত নিৰৱ হৈ ৰৈছে বন বিভাগ ৷ বন বিভাগৰ কোনো পৰীক্ষণ কেন্দ্ৰ নথকাৰ সুযোগ লৈ এচাম সৰবৰাহকাৰীয়ে দৈনিক শিল আৰু বালি কলিয়াভোমোৰা দলঙেৰে পাৰ কৰি নগাঁও জিলাৰ ভিন্ন স্থানত অব্যাহত ৰাখিছে ব্যৱসায় ৷
কলিয়াভোমোৰাৰ ওপৰেৰে বনজ সম্পদৰ অবৈধ সৰবৰাহ - শোণিতপুৰ জিলা
কলিয়াভোমোৰা দলং হৈ শোণিতপুৰ জিলাৰ পৰা নগাঁৱৰ ভিন্ন প্ৰান্তত বনজ সম্পদৰ অবৈধ বেপাৰ অব্যাহত থকাৰ অভিযোগ ৷ চালান বিহীনভাৱে নিতৌ এই ব্যৱসায় অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে ৷
বনজ সম্পদৰ অবৈধ ব্যৱসায়ৰ অভিযোগ
আন্তঃজিলা সৰবৰাহৰ কোনো নথি-পত্ৰ আৰু চালান অবিহনেই দৈনিক শোণিতপুৰ জিলাৰ পৰা বৃহৎ পৰিমাণৰ শিল-বালি, বন বিভাগ আৰু প্ৰশাসনৰ অগোচৰে নগাঁও জিলাৰ ভিন্ন স্থানত বিক্ৰী কৰি থকাৰ বিষয়ে অভিযোগ উত্থাপন হৈছে ৷ দেওবাৰে তেনে এখন বালি সৰবৰাহ কৰা ডাম্পাৰৰ দৃশ্য বন্দী হ'ল সংবাদ মাধ্যমৰ কেমেৰাত ৷ সাংবাদিকৰ আগত AS-09 AC-1436 নম্বৰৰ ডাম্পাৰখনৰ চালকে অকপটে স্বীকাৰ কৰিলে চালান নোহোৱাকৈ বালি সৰবৰাহ কৰাৰ কথা ৷
লগতে পঢ়ক:ম্যাদ ওকলা সমাগ্ৰীৰে গ্ৰাহকক ঠগন গোলাঘাট চহৰৰ একাংশ ব্য়ৱসায়ীৰ