নগাঁও,১৫ অক্টোবৰ:দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে বিনামূলীয়া অথবা সুলভ মূল্যত যোগান ধৰি আহিছে চাউল । কিন্তু নগাঁৱত দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে আৱণ্টন দিয়া চাউলৰ চলিছে ক'লা ব্যৱসায়(PDS Rice Scam) । শনিবাৰে নগাঁও আৰক্ষীৰ এক অভিযানৰ পিছতেই পোহৰলৈ আহিছে চৰকাৰী চাউলৰ চোৰাং বেহাৰ তথ্য । নগাঁও যোগান বিভাগৰ ৰহস্যজনক নীৰৱতাৰ সুযোগ গ্ৰহণ কৰিয়েই চৰকাৰী চাউল বিতৰণত জড়িত একাংশ লোকে মধ্যভোগীৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ বাবে আৱণ্টিত চাউলৰ চোৰাং ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে(Illegal rice busines) ।
বিভাগীয় কৰ্তৃপক্ষৰ নীৰৱতাৰ বিপৰীতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাংকৈ বিক্ৰীৰ বাবে মজুত ৰখা চৰকাৰী চাউল । শনিবাৰে নগাঁৱৰ বেবেজীয়া আৰক্ষীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই এটা মিলৰ পৰা জব্দ কৰে ৭৬ বেগ চৰকাৰী চাউল(Government rice seized in Nagaon) । নগাঁৱৰ দক্ষিণপাট সত্ৰৰ সমীপৰ এটা মিলত চৰকাৰী চাউল মজুত ৰখাৰ তথ্য লাভ কৰি অভিযান চলাইছিল মিলত ।