অসম

assam

ETV Bharat / state

কলিয়াবৰত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক: প্ৰভাৱশালী চক্ৰ জড়িতৰ অভিযোগ - illegal timber seized by forest department in kaliabor

বন মাফিয়াই চলাই গৈছে বন ধ্বংস যজ্ঞ । ইয়াৰ বিপৰীতে আৰক্ষী আৰু বন বিভাগে চলাই গৈছে বন মাফিয়াৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা কাঠৰ বিৰুদ্ধে অভিযান । বন বিভাগৰ এনে এক অভিযানত কলিয়াবৰত জব্দ এখন চোৰাংকৈ সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক (illegal timber seized by forest department) ।

illegal timber ceased
কলিয়াবৰত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

By

Published : Mar 4, 2022, 9:13 PM IST

কলিয়াবৰ,০৪ মাৰ্চ:বন বিভাগৰ তীব্ৰ অভিযানকো কেৰেপ নকৰে একাংশ বন মাফিয়াই । কলিয়াবৰত বৰ্তমানেও অব্যাহত আছে কাঠৰ চোৰাং ব্যৱসায় । ইয়াৰ বিপৰীতে বিভিন্ন সময়ত বন বিভাগে দৈনিক চলাই গৈছে বন মাফিয়াৰ লগতে চোৰাংকৈ সৰবৰাহ কৰা কাঠৰ বিৰুদ্ধে অভিযান । শুকুৰবাৰে পুৱতি নিশা বনবিভাগৰ এক অভিযানত জব্দ হৈছে চোৰাংকৈ সৰবৰাহ কৰা কাঠভৰ্তি এখন ট্ৰাক । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাতিকাষৰীয়া কলিয়াবৰৰ নজানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বন বিভাগে চলাইছিল অভিযান ।

কলিয়াবৰত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

কাৰ্বি আংলঙৰ ৰংবংৱে ৰ পৰা অনা চোৰাং কাঠখিনি কলিয়াবৰ অভিমুখে লৈ যোৱাৰ সময়তে বন বিভাগে জব্দ কৰে (illegal timber seized by forest department) । ট্ৰাকসহ কাঠখিনি বনবিভাগে জব্দ কৰে যদিও কৌশলৰে পলায়ণ কৰে ট্ৰাকখনৰ চালক তথা হেণ্ডিমেনে । জব্দকৃত ট্ৰাকখনৰ নম্বৰ হৈছে AS06AC 3185 ।

কাৰ্বি আংলঙৰ ৰংবংৱে আৰু ৰঙাগৰা, আদি অঞ্চলৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ কোনো বৈধ নথিপত্ৰ নোহোৱাকৈ কাঠৰ সৰবৰাহ অব্যাহত ৰাখিছে দুষ্ট চক্ৰই । উল্লেখ্য যে কোনো প্ৰভাৱশালী চক্ৰৰ চত্ৰছাঁয়াত কাঠৰ চোৰাং সৰবৰাহ চলি থকাৰ অভিযোগ বিভিন্নজনৰ ।

লগতে পঢ়ক:Municipal election 2022 : ঘৰৰ সন্মুখত BJPৰ পতাকা, হৃদয়ত কংগ্ৰেছ: প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details