কলিয়াবৰ, ১১ মে': বন বিভাগে সময়ে সময়ে অভিযান চলাই অহাৰ পিছতো ৰাজ্যত একাংশ চোৰাং কাঠ ব্যৱসায়ীৰ বন ধ্বংসযজ্ঞ অব্যাহত আছে । মঙলবাৰে কলিয়াবৰত বন বিভাগৰ জালত পৰিল এজন চোৰাং কাঠ ব্যৱসায়ী । বন বিভাগে এখন কাঠ ভৰ্তি বাহন জব্দ কৰাৰ পিছতে ব্যৱসায়ীজনক আটক কৰে ।
গোপন সূত্ৰৰ পৰা খবৰ লাভ কৰাৰ পিছতে শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত আন বন বিষয়া, বনকৰ্মীৰ এটা দলে জখলাবন্ধাৰ ঢেকীয়াল গাঁৱত অভিযান চলায় । এই অভিযানত বৃহৎ পৰিমাণৰ চোৰাং কাঠসহ এ. এচ. ০৪ ৩৭৪২ নম্বৰৰ এখন বাহন জব্দ কৰে অভিযানকাৰী দলটোৱে ।