কলিয়াবৰ, 28 মে': লক ডাউনৰ মাজতে ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ ৰাজ্যৰ বিভিন্ন ঠাইত বিগত দিনকেইটাত বহু লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ হোৱাৰ পাছত বুধবাৰে নিশা কলিয়াবৰত চোৰাং কাঠসহ এখন বাহন জব্দ কৰে বন বিভাগে ৷ জখলাবন্ধা বন বিভাগে গোপন সূত্ৰৰ পম খেদি বামুণী ওপৰ গাঁৱৰ পৰা চোৰাং কাঠ সহ জব্দ কৰে AS 03 AC 1026 নম্বৰৰ এখন টাটা ডি আই বাহন ৷
কলিয়াবৰত জব্দ চোৰাং কাঠ ভৰ্তি বাহন - জখলাবন্ধা বন বিভাগে জব্দ কৰে চোৰাং কাঠ ভৰ্তি বাহন
জখলাবন্ধা বন বিভাগে গোপন সূত্ৰৰ পম খেদি বামুণী ওপৰ গাঁৱৰ পৰা চোৰাং কাঠ সহ জব্দ কৰে AS 03 AC 1026 নম্বৰৰ এখন টাটা ডি আই বাহন ৷

কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ
কলিয়াবৰত চোৰাং কাঠ ভৰ্তি বাহন জব্দ
উল্লেখ্য যে, বাহনখনে কাৰ্বি আংলংৰ পৰা কঢ়িয়াই আনিছিল মূল্যবান কাঠ ৷ ইয়াৰ উপৰিও যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা নগাঁও জিলাৰ শালনা স্থিত বন বিভাগৰ উত্তৰাঞ্চল বন বিষয়াৰ নেতৃত্বত জব্দ হৈছে কেইবালাখ টকাৰ অবৈধ কাঠ ভৰ্তি সাতখনকৈ বাহন ৷
লগতে পঢ়কঃ সমষ্টি পুনৰ নিৰ্দ্ধাৰণ কমিটিত অসমৰ পাঁচ সাংসদক অন্তৰ্ভুক্ত