কলিয়াবৰ, 3 জুলাই :ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰা ক'ভিড নীতি আৰু সান্ধ্য আইনৰ সুযোগ লৈ একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে অবৈধ ব্যৱসায় ৷ শেহতীয়াকৈ আৰক্ষীৰ জালত পৰিছে এনে বহু দুষ্ট চক্ৰ ৷ কলিয়াবৰৰ বুঢ়াপাহাৰত চেগুণ গছৰ কুণ্ডাসহ এখন বাহন জব্দ কৰাৰ লগতে দুই কাঠ ব্যৱসায়ীক আটক কৰে ৷
শুকুৰবাৰে বনকৰ্মীয়ে অভিযান চলাই চোৰাং কাঠসহ এখন বাহন জব্দ কৰাৰ লগতে উক্ত চোৰাং বেহাত জড়িত দুই কাঠ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ বুঢ়াপাহাৰৰ সমীপৱৰ্তী ফুলগুৰি চাঙৰ পৰা এ এছ 09 চি 8067 নম্বৰৰ পিক আপ ভানখনত চেগুন গছৰ কুণ্ডা ভৰ্তি কৰি গন্তব্য স্থানলৈ ৰাওনা হোবাৰ পথতে কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ তহলদাৰী বনকৰ্মীয়ে জব্দ কৰে অবৈধ কাঠসহ বাহনখন । বনকৰ্মীৰ দলটোৱে উক্ত চোৰাং কাঠ সৰবৰাহত জড়িত দুজনক আটক কৰিবলৈ সক্ষম হয় ।