অসম

assam

ETV Bharat / state

কলিয়াবৰত জব্দ চোৰাং তেল আৰু লোৰ ৰড, গ্ৰেপ্তাৰ তিনিজন - হাৰমতীত আৰক্ষীৰ অভিযান

কলিয়াবৰৰ হাৰমতীত আৰক্ষীৰ অভিযান ৷ অভিযানত বুজন পৰিমাণৰ চোৰাং তেল আৰু লোৰ ৰড জব্দ ৷

কলিয়াবৰত জব্দ চোৰাং তেল আৰু লোৰ ৰড, গ্ৰেপ্তাৰ তিনিজন

By

Published : Sep 16, 2019, 5:46 PM IST

কলিয়াবৰ, 16 চেপ্তেম্বৰঃকলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত জখলাবন্ধা আৰক্ষীৰ অভিযান৷ অভিযানত জব্দ হ'ল বুজন পৰিমাণৰ চোৰাং তেল আৰু লোৰ ৰড । বাগৰি থানা এলেকাৰ হাৰমতীৰ নাজিৰ ধাবাৰ পৰা আৰক্ষীয়ে জব্দ কৰে চোৰাং তেল আৰু ৰড । চোৰাং তেল আৰু ৰড মজুত কৰি ধাবাখনৰ মালিক-কৰ্মচাৰীয়ে দীৰ্ঘদিন ধৰি অবৈধ ব্যৱসায় চলাই থকাৰ অভিযোগ । চোৰাং ব্যৱসায় সংক্ৰান্তত ধাবাখনৰ মালিক নাজিৰ আহমেদ আৰু দুই কৰ্মচাৰী আহমেদ আলি আৰু ৰচিদুল হকক গ্ৰেপ্তাৰ ৷

কলিয়াবৰত জব্দ চোৰাং তেল আৰু লোৰ ৰড, গ্ৰেপ্তাৰ তিনিজন
কলিয়াবৰত জব্দ চোৰাং তেল আৰু লোৰ ৰড, গ্ৰেপ্তাৰ তিনিজন

দীৰ্ঘদিনৰ পৰা অঞ্চলটোত বিভিন্ন দুষ্কাৰ্য সংঘটিত হৈ আহিছিল বুলি স্থানীয় ৰাইজে অভিযোগ তুলি আহিছে৷ কেইসপ্তাহমান পূৰ্বে কলিয়াবৰ আৰক্ষীয়ে অভিযান চলাই ট্ৰাকসহ চোৰাং গৰু সৰবৰাহ কৰাৰ পৰা উদ্ধাৰ কৰাৰ পাচতেই সোমবাৰে পুনৰ কলিয়াবৰ আৰক্ষীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীৰ এই অভিযানৰ সফলতাৰ শলাগ লৈছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details