বঢ়মপুৰ, 19 ফেব্ৰুৱাৰীঃ নগাঁৱৰ বৰকোলা জলাহত এতিয়া চলিছে অবৈধ বেদখল ৷ একাংশ দালালে সমিতি বনায় ধন সংগ্ৰহৰ আশাত চৰকাৰী ভূমি বেদখলকাৰীক এৰি দিয়াত বিপদত পৰিছে বৰকোলা ৰাইজ ।
বৰকোলা জলাহত বেদখল ! কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন - বৰকোলা জলাহত বেদখল
নিশাৰ ভিতৰতে বৰকোলা গেজিং ৰিজাৰ্ভত অবৈধ ভাৱে গঢ়ি উঠিছে গাঁও । বেদখলকাৰীয়ে চৰকাৰী ভূমিত সাজি গৈছে ইটোৰ পিচত সিটোকৈ বাসগৃহ ৷ কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন ! বৃহৎ প্ৰশ্ন ক'ৰ পৰা আহিছে এইসকল লোক ৷
![বৰকোলা জলাহত বেদখল ! কুম্ভকৰ্ণ নিদ্ৰাত জিলা প্ৰশাসন বৰকোলা জলাহত বেদখল !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6123495-157-6123495-1582095874632.jpg)
বৰকোলা জলাহত বেদখল !
অভিযোগ অনুসৰি গেজিং ৰিজাৰ্ভত দালাল সমিতিৰ লগতে শিক্ষক, গাঁও বুঢ়া জড়িত হৈ পৰিছে চৰকাৰী ভূমি ব্যৱসায়ত। দালাল সমিতিৰ জৰিয়তে বিভিন্ন স্থানৰ পৰা আহি জলাশয়ত গঢ়ি উঠিছে তিনিশৰো অধিক বাসগৃহ লগতে নামঘৰ । যাৰ ফলত স্থানীয় বৰকোলাবাসীলৈ আহিছে ভাবুকি ।
বৰক'লা জলাহত নিশাৰ ভিতৰতে গঢ়ি উঠিছে গাঁও
সেয়ে সংবাদ মাধ্যমৰ জৰিয়তে এই সন্দৰ্ভত বিহিত ব্যৱস্থা ল'বলৈ প্ৰশাসনক দাবী জনাইছে স্থানীয় ৰাইজে । আনহাতে নিজ মুখেই গাঁও বুঢ়া আদিৰ চত্ৰ-ছায়াতে এই স্থানলৈ অহাৰ কথা অকপটে স্বীকাৰ কৰিছে এজন বেদখলকাৰীয়ে ৷
বেদখলকাৰীৰ বিস্ফোৰক স্বীকাৰোক্তি