নগাঁও, 29 আগষ্ট : নগাঁও জিলাৰ কচুৱা আৰক্ষীয়ে সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । বুধবাৰে কচুৱা আৰক্ষীয়ে অভিযান চলাই বহু পৰিমাণৰ সুৰা জব্দ কৰা লগতে এজনক আটক কৰিবলৈ সক্ষম হয় ।
সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিকভাবে অভিযান অব্যাহত ৰখাৰ সমান্তৰালভাবে ৰাজ্যত অব্যাহত আছে সুৰা ৰমৰমীয়া বেহা । বুধবাৰে নিশা কচুৱা আৰক্ষীয়ে কচুৱা গেৰজাইপামত অভিযান চলাই বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷ কচুৱা আৰক্ষীয়ে গেৰজাইপামৰ অজিত বৰ্মন নামৰ লোকজনৰ ঘৰত অভিযান চলাই বহু পৰিমানৰ সুৰা উদ্ধাৰ কৰে ।