কলিয়াবৰ, 25 জুন : শুকুৰবাৰে কলিয়াবৰত চুলাই মদসহ আটক এটা সৰবৰাহকাৰী ৷ কলিয়াবৰৰ নিজ-চিলাবন্ধা গাঁৱত ৰাইজে হাতে-লুটে কৰায়ত্ব কৰি আৰক্ষীক গতাই দিয়ে চুলাই-মদ সৰবৰাহকাৰীটোক ৷ উল্লেখযোগ্য যে, কলিয়াবৰৰ বেঙেনাআটিৰ পৰা সৰবৰাহকাৰীটোৱে আনিছিল প্ৰায় চল্লিশ লিটাৰ চুলাই-মদ । চুলাই-মদ লৈ আহি থকা অৱস্থাত নিজ-চিলাবন্ধা গাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনীয়ে আটক কৰে যুৱকজনক ।
কলিয়াবৰত মহিলা গাঁওৰক্ষী বাহিনীয়ে ধৰিলে চুলাই মদ সৰবৰাহকাৰী মনকৰিবলীয়া যে, বিগত কিছু দিনৰ পূৰ্ৱে কলিয়াবৰৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই কেইবাটাও চুলাই ভাটি উচ্ছেদ কৰাৰ লগতে নষ্ট কৰিছিল কেইবাহাজাৰ লিটাৰ চুলাই-মদ । উল্লেখযোগ্য যে, অবৈধ চুলাই মদৰ বিৰুদ্ধে কলিয়াবৰ আবকাৰী বিভাগ যিদৰে সষ্টম হ’ব লাগিছিল কাৰ্যক্ষেত্ৰত এক ওলোটা ছবিহে দেখিবলৈ পোৱা গৈছে । যাৰ ফলত দিনক দিনে অঞ্চলটোত বৃদ্ধি পোৱা দেখা গৈছে চুলাই মদৰ সৰবৰাহ ৷ সম্প্ৰতি আবকাৰী বিভাগ (Excise department)ৰ এই নীৰৱ ভূমিকাক লৈ প্ৰশ্ন তুলিছে এতিয়া সচেতন মহলে ।
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে আৰক্ষী ৷ প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী ৷ এই ক্ষেত্ৰত আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷
মনকৰিবলীয়া যে, শেহতীয়াভাৱে গঠিত চৰকাৰখনে শাসনভাৰ লোৱাৰ পাচত ব্যাপক ৰদবদল কৰিছিল প্ৰশাসনিক বিভাগত ৷ তেতিয়াৰে পৰা ৰাজ্যৰ জিলাসমূহত অপৰাধ তথা অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অধিক তৎপৰ হৈ পৰিছে জিলা আৰক্ষী তথা প্ৰশাসন ৷ আৰক্ষীয়ে যিমানেই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই গৈছে সিমানেই প্ৰতিদিনে বিভিন্ন ধৰণৰ নতুন নতুন কৌশল প্ৰয়োগ কৰি ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ কৰি গৈছে সৰবৰাহকাৰীয়ে ৷
লগতে পঢ়কঃ পৌৰসভাৰ সভাপতি পদকলৈ বিজেপি-ইউপিপিএলৰ মাজত টনা-আঁজোৰা