নগাঁও, 23 জুন:অপৰাধ জগতৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষী(Assam police)ৰ জেহাদ ৷ বিগত এটা মাহ ধৰি তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান ৷ বিশেষকৈ, নিচাযুক্ত সামগ্ৰীৰ অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এই অভিযান ৷ বিগত এটা মাহত ড্ৰাগছ, চুলাই মদ, গাঞ্জা আদিৰ বিৰুদ্ধে অভিযানত শদিয়াৰ পৰা ধুবুৰীলৈ ক্ৰমাগত সফলতা লাভ কৰি আহিছে অসম আৰক্ষীয়ে ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ দৰেই নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছে নগাঁও আৰক্ষীয়ে ৷ শেহতীয়াকৈ, এটা বৃহৎ চুলাইৰ ঘাটিত অভিযান চলালে নগাঁও আৰক্ষীয়ে । বুধবাৰে, নগাঁৱৰ বৰভেটিৰ মহিলা সমিতিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্র(SP Anand Mishra)ক দিয়া এক অভিযোগৰ পিছতেই তৎপৰ হৈ পৰে আৰক্ষীৰ দল । পৰৱৰ্তী সময়ত, আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশ মৰ্মে নগাঁও আৰক্ষীৰ নগৰ শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাসৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই বৰভেটি অঞ্চলত ।