অসম

assam

ETV Bharat / state

পুনৰ আটক অবৈধ গৰুৰ চোৰাং ব্যৱসায়ী - Illegal_Cattle_trafficking_at_Kaliabor

বুধবাৰে কলিয়াবৰত আটক তিনি অবৈধ গৰুৰ চোৰাং ব্যৱসায়ী ৷ এই অভিযানৰ ভিত্তিত অবৈধ গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ এই ঘটনাৰ সৈতে জড়িত তিনি আটকাধীন ব্যক্তি ক্ৰমে ভৱেন গোহাঁই (ডিব্ৰুগড়),হাবিবুল্লা আহমেদ (ডিব্ৰুগড়) আৰু ইছমাইল আলি (ধেমাজি) ৷

Illegal_Cattle_trafficking_at_Kaliabor
কলিয়াবৰত তিনি সন্দেহ যুক্ত লোকক আটক

By

Published : Feb 4, 2021, 10:08 AM IST

কলিয়াবৰ, 4 ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে অবৈধ গৰুৰ চোৰাং ব্যৱসায় ৷ প্ৰতিদিনাই আৰক্ষীৰ জালত পৰিছে অবৈধ পশুধন সৰবৰাহকাৰী ৷ কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি 1 ফেব্ৰুৱাৰীৰ পুৱতি নিশা কলিয়াবৰ আৰু বাবৰি অঞ্চলত আৰক্ষীয়ে অবৈধ ভাৱে সৰবৰাহ কৰা গৰুভৰ্তি পাঁচ খন বাহন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে এই গৰুৰ চোৰাং ব্যৱসায়ত জড়িত সাতজন ব্যক্তিকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷

পুনৰ আটক অবৈধ গৰুৰ চোৰাং ব্যৱসায়ী

প্ৰাপ্ত তথ্য অনুসৰি,ধেমাজি আৰু ডিব্ৰুগড় আৰক্ষীৰ সহযোগত কলিয়াবৰ আৰু জখলাবন্ধা আৰক্ষীয়ে বুধবাৰে পুনৰ এক অভিযান চলাই ৷ এই অভিযানৰ ভিত্তিত অবৈধ গৰুৰ চোৰাং ব্যৱসায়ৰ লগত জড়িত এখন বাহন জব্দ কৰাৰ লগতে এই ঘটনাৰ সৈতে জড়িত আন তিনিজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। এই ঘটনাৰ সৈতে জড়িত তিনি আটকাধীন ব্যক্তি ক্ৰমে ভৱেন গোহাঁই (ডিব্ৰুগড়),হাবিবুল্লা আহমেদ (ডিব্ৰুগড়) আৰু ইছমাইল আলি (ধেমাজি) ৷ ইতিমধ্যে জখলাবন্ধা আৰু কলিয়াবৰ আৰক্ষী থানাত এই ঘটনাৰ সন্দৰ্ভত ৰুজু হৈছে এক গোচৰ ৷

অবৈধ গৰুৰ চোৰাং ব্যৱসায়ৰ লগত আৰু কোন কোন জড়িত হৈ আছে,সেই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক :গুৱাহাটীত টি চিৰিজৰ কৰ্মশালাত বলীউডৰ অভিনেতা সায়াজী শিন্দে

ABOUT THE AUTHOR

...view details