অসম

assam

ETV Bharat / state

বৰ্তমানেও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেপাৰখন

কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত পৰিল গৰুভৰ্তি অবৈধ বাহনসহ সৰবৰাহকাৰী । বুধবাৰে পুৱা আৰক্ষীয়ে জব্দ কৰিলে ৭৮ টা গৰু সহ ১৩ খন বাহন । আৰক্ষীৰ এই অভিযানত আটক হৈছে ৩০ টা গৰু সৰবৰাহকাৰী ।

Illegal Cattle Smuggling gang arrested at kaliabor
বৰ্তমানেও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেপাৰখন

By

Published : Jul 22, 2020, 4:29 PM IST

কলিয়াবৰ, ২২ জুলাই : ৰাজ‍্যত বৰ্তমানেও সক্ৰিয় হৈ আছে গৰুৰ চোৰাং বেহাখন । সমগ্ৰ ৰাজ‍্যত চোৰাং গৰুৰ বেহাৰ বাতৰিয়ে শিৰোনাম দখল কৰি থকাৰ সময়তে বুধবাৰে পুৱা চোৰাংভাৱে সৰবৰাহ কৰি নি থকাৰ অৱস্থাতে আৰক্ষীৰ তালাচীত বৃহৎ সংখ্যক গৰু উদ্ধাৰ হোৱা ঘটণাই ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

বৰ্তমানেও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেপাৰখন

কলিয়াবৰৰ উলুৱনী আৰক্ষীৰ জালত পৰা এই চোৰাং সৰবৰাহকাৰী চক্ৰটোৰ ৩০টাকৈ গৰু সৰবৰাকাৰীক আটক কৰা হৈছে। অসমৰ বিভিন্ন স্থানৰ পৰা চোৰাংভাৱে ১৩ খনকৈ বাহনত সৰবৰাহ কৰা হৈছিল এই গৰুখিনি । উলুৱনী আৰক্ষীৰ তালাচীত উদ্ধাৰ হোৱা এই ৭৮ গৰুৰ ভিতৰত ৬৯ টা মতা,৭ জনী মাইকী আৰু ২টা পোৱালি গৰু আছিল ।

বৰ্তমানেও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেপাৰখন

ইতিমধ‍্যে,আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ কেইবাটাও ধাৰা সন্নিবিষ্ট কৰি উলুৱনী আৰক্ষী চকীত ৫০/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে আটাইকেইটা গৰুৰ চোৰাং সৰবৰাহকাৰীক ।

বৰ্তমানেও ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেপাৰখন

লগতে চাওকঃ পথাৰত কি কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণে

ABOUT THE AUTHOR

...view details